শীৰ্ষৰাষ্ট্ৰীয়

আধাৰ কাৰ্ডত বিশেষ নিৰ্দেশনা

নেচনেল ডেস্ক, প্ৰথম খবৰ: আধাৰ কাৰ্ড হৈছে বৰ্তমান সময়ৰ সকলোতকৈ জনপ্ৰিয় তথা চৰ্চিত বস্তু। বৰ্তমান আধাৰ সকলোৰে বাবে বাধ্যতামূলক। আধাৰ নহ’লে প্ৰায়ভাগ সুবিধাৰপৰাই বঞ্চিত হ’ব লাগিব গ্ৰাহকে। সাধাৰণ মানুহৰ অধিকাৰ আধাৰ। এই আধাৰ কাৰ্ডত শেহতীয়াকৈ সংযোজন কৰা হৈছে কিছু নতুন তথা বিশেষ নিৰ্দেশনা। ডাটা সংৰক্ষণৰ ক্ষেত্ৰত এই নিৰ্দেশনা জাৰী কৰা হৈছে। আধাৰ কাৰ্ডৰ বাবে বহুতো তথ্যৰ প্ৰয়োজন হয় আৰু এই তথ্যবোৰৰ সংৰক্ষণৰ দায়িত্ব থাকে এক বিশেষ বিভাগৰ। যাৰ অধীনত চৰকাৰে গ্ৰাহকৰপৰা লাভ কৰা তথ্য আনৰ ক্ষেত্ৰত গোপনীয় কৰি ৰখাটো হ’ব বাধ্যতামূলক। গ্ৰাহকে যাতে অযথা হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ ওপৰতো চকু দিব লাগিব বিভাগটোৱে।

Related Articles

Leave a Reply

Close