অসম

উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত ৰেড ৰীবন ক্লাৱৰ উদ্যোগত ৰক্তদান শিবিৰ

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:ৰক্তদান মহানদান ৰক্তদান জীৱনদান৷ এই মহান উদ্দেশ্য সৰোগত কৰি জালুকবাৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাংগণত অহা ২৯ জুনত উত্তৰ গুৱাহাটীৰ ৰেড ৰীবন ক্লাৱৰ দ্বাৰা এক ৰক্তদান ও সজাগতা শিবিৰৰ আয়োজন কৰা হৈছে। অহা শুক্ৰবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা বিয়লি ২ বজালৈকে আয়োজিত এই শিবিৰত ৰক্তদাতা সকলে ৰক্তদান কৰিব পাৰিব বুলি শিবিৰৰ আয়োজক সকলৰ পৰা জানিব পৰা গৈছে৷ এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ উপৰিও উত্তৰ গুৱাহাটীৰ লগতে বিভিন্ন অঞ্চলৰ লোকসকলে এই শিবিৰত অংশগ্ৰহণ কৰিব৷ গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ অভিজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত ৰক্তদাতাৰ পৰা ৰক্ত সংগ্ৰহ কৰা হ’ব। সেয়েহে ৰেড ৰীবন ক্লাৱৰ সমন্বয়ক তথা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহযোগী অধ্যাপিকা প্ৰতিমা বৰুৱাই এই শিবিৰত সমুহ উত্তৰ গুৱাহাটীবাসীৰ সক্ৰিয় সহযোগ আৰু উপস্থিতি কামনা কৰিছে। তাৰোপৰি এনে শিবিৰ বছৰত কমেও চাৰিবাৰ উত্তৰ গুৱাহাটী অঞ্চলত আয়োজন কৰা হ’ব বুলিও সমন্বয়ক গৰাকীয়ে জানিবলৈ দিছে।

Related Articles

Leave a Reply

Close