অসম

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত মাতৃ ভাৰতীৰ উদ্যোগত “মাতৃ সন্মিলন”

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীস্থিত শংকৰদেৱ শিশু নিকেতনত মাতৃ ভাৰতীৰ উদ্যোগত মাতৃ সন্মিলনৰ আয়োজন কৰা হৈছে ৷ অহা ১ জুলাই ৰবিবাৰে শংকৰদেৱ শিশু নিকেতন প্ৰাংগনত মাতৃ ভাৰতীৰ মাতৃসকলৰ মাজত মহিলা সবলীকৰণ তথা নিজ নিজ অন্তৰ্নিহিত সৃষ্টিশীলতা বিকাশৰ উদ্দেশ্য আগত ৰাখি মাতৃ সন্মিলনৰ আয়োজন কৰা হৈছে৷ এইবাৰৰ মাতৃ সন্মিলনত অঞ্চলটোৰ ছয়শৰো অধিক মাতৃয়ে অংশ গ্ৰহণ কৰিব৷ এই উপলক্ষে মাতৃসকলৰ মাজত কুইজ,আবৃত্তি,পিঠাপনা বনোৱা আদিকে ধৰি বিভিন্ন আকৰ্ষণীয় প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ ১ জুলাইৰ দিনা পুৱা বন্তি প্ৰজ্জ্বলন কৰি কাৰ্যসূচীৰ সুভাৰম্ভ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপিকা ড° সুনন্দা নায়কে৷ ইয়াৰ পিছতে প্ৰতিযোগিতামূলক প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক বিজ্ঞানৰ মুৰব্বী অধ্যাপক ডঃ ঈশাংকুৰ শইকীয়া আৰু আইআইটি গুৱাহাটীৰ গণিত বিভাগৰ অধ্যাপক সুকান্ত পতিয়ে। দুপৰীয়া ১২ বজাত অনুষ্ঠিত হব লগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগ, অসমৰ অধ্যক্ষা ড০ সুনীতা চাংকাকতিয়ে ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব গ্ৰীণ অস্কাৰ পুৰস্কাৰপ্ৰাপ্ত পৰিৱেশ বিজ্ঞানী পুৰ্ণিমা দেৱী বৰ্মন৷ সেয়েহে মাতৃ সন্মিলনীৰ সফলতাৰে বাবে আয়োজক সমিতিৰ সভানেত্ৰী দিপালী হাজৰিকা আৰু সম্পাদিকা বৰ্ণালী শৰ্মাই সমগ্ৰ অঞ্চলটোৰ মাতৃসকলৰ সক্ৰিয় যোগদান আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ৷

Related Articles

Leave a Reply

Close