অসমশীৰ্ষ

উত্তৰ-পূবৰ ৩,৪০১ গৰাকী লোক এইবাৰ হজলৈ, ১৪ জুলাইত হ’ব হজৰ শুভাৰম্ভণি

নিউজ ডেস্ক, প্ৰথম খবৰ: হজযাত্ৰীসকলৰ বাবে সুখবৰ৷ জুলাই মাহৰ ১৪ তাৰিখৰ পৰা আৰম্ভ হ’ব পৱিত্ৰ হজ যাত্ৰা। ২২ জুলাইলৈ চলিবলগীয়া এই হজ যাত্ৰাৰ শুভাৰম্ভ কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এইবাৰৰ হজ যাত্ৰাত উত্তৰ-পূবৰ পৰা হজলৈ যাব মুঠ ৩,৪০১ গৰাকী লোক৷ জুনমাহৰ ২৭ তাৰিখৰ পৰা আৰম্ভ হ’ব এই হজ যাত্ৰীসকলৰ প্ৰশিক্ষণ। এইবাৰ হজ যাত্ৰাৰ বাবে মুঠ ৯০ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে আৰু এই পুঁজি বৰ্তমান বিত্ত বিভাগে মুকলি কৰি দিয়া নাই যদিও সময়মতে চৰকাৰে পুঁজি মুকলি কৰি দিব বুলি আশাবাদী হজ যাত্ৰী সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষ ৰঞ্জিত দত্ত। বুধবাৰে ৰঞ্জিত দত্তৰ অধ্যক্ষতাত সম্পন্ন হোৱা উত্তৰ-পূব হজ যাত্ৰী সমন্বয়ৰক্ষী সমিতিৰ বৈঠকত এই কথা কলে হজ যাত্ৰী সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষগৰাকীয়ে৷

Related Articles

Leave a Reply

Close