অসম

খেৰণিত কাৰ্বি ছাত্ৰ সংস্থাৰ সংবাদ মেল: ডিফুত নিৰ্মীয়মান মেডিকেল কলেজ বাতিলৰ বিষয়টোক দুৰ্ভাগ্যজনক আখ্যা কাৰ্বি ছাত্ৰ সংস্থাৰ

খেৰণিৰপৰা কনক দেউৰী, প্ৰথম খবৰ: অসম চৰকাৰে হিলছ মেডিকেল কলেজখন ডিফু চহৰত স্থাপনৰ বাবে ইতিমধ্যে ঘোষণা কৰি বিল্ডিং নিৰ্মাণ কাৰ্য্য চলাই থকা অৱস্থাতে মেডিকেল কউন্সিল অব ইণ্ডিয়া চমুকৈ(MCI) য়ে হঠাৎ বাতিল কৰি দিয়া বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কাৰ্বি ছাত্ৰ সংস্থা (চেমচন টেৰণ) গোটে। ফলত আজি খেৰণিত কাৰ্বি ছাত্ৰ সংস্থাই এখন  সংবাদ মেল আয়োজন কৰি ডিফুত নিৰ্মীয়মান মেডিকেল কলেজ বাতিলৰ বিষয়টোক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।
কাৰ্বি ছাত্ৰ নেতা চেমচন টেৰণৰ নেতৃত্বত খেৰণিত কৃষি বিভাগৰ অতিথিশালাত আয়োজন কৰা সংবাদ মেলত ছাত্ৰনেতাই এই বুলি কয় যে ডিফুত মেডিকেল কলেজ স্থাপন হলে কেৱল কাৰ্বি আংলঙৰে সুবিধা লাভ কৰি সেইটো নহয়। ইয়াত ডিমা হাছাও জিলাৰ জনসাধাৰণৰ বাবেও যথেষ্ঠ চিকিৎসা সেৱাৰ বাবে লাভজনক হব। লগতে জিলা দুখনৰ নিবনুৱা সমস্যাও কিছু দূৰ কৰিব পাৰিব বুলি উল্লেখ কৰি এই সন্দৰ্ভত জিলা পৰিষদৰক লগত লৈ ৰাজ্য চৰকাৰক শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে বিষয়টোক পুনৰালোচনা কৰিবলৈ আহ্বান কৰে।
আনহাতে কাৰ্বি আংলঙত অব্যাহত থকা অনিয়ামীয়া বিদ্যুৎ যোগান সন্দৰ্ভতো ক্ষোভ প্ৰকাশ কৰিছে ছাত্ৰ নেতা গৰাকীয়ে। পশ্চিম কাৰ্বি আংলঙৰ আমট্ৰেং উৎপাদিত বিদ্যুৎ প্ৰকল্পৰ পৰা কেৱল কাৰ্বি আংলঙৰ বাবে ২৫ মেগাৱাত বিদ্যুৎ যোগান দিব লাগে বুলি দাবী কৰিছে ছাত্ৰ সংগঠনটোয়ে।

Related Articles

Leave a Reply

Close