অসম

খেৰণি আদৰ্শ চিকিৎসালয়ৰ উদ্ধোধন

খেৰণিৰপৰা কনক দেউৰী,প্ৰথম খবৰ:ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান চমুকৈ(NRHM)ৰ আঁচনিৰ জৰিয়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত নিৰ্মাণ কৰা আদর্শ চিকিৎসালয়খন আজি আনুষ্ঠানিকভাৱে কাৰ্বি আংলং স্বায়ত্ব শাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী পীজুষ হাজৰিকাই শুভ উদ্বোধন কৰে। পাঁচ কোটি পাঁচ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান কৰা খেৰণি আদৰ্শ চিকিৎসালয়ৰ উদ্ধোধনী অনুষ্ঠানত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰামে কয় যে বৃহত্তৰ খেৰণি অঞ্চলৰ ৰাইজে কৰা এক দীৰ্ঘদিনীয়া আশা আজি পুৰণ হ’ল বুলি। লগতে বৃহৎ এই চিকিৎসালয়খনৰ জৰিয়তে সাধাৰণ ৰাইজে এতিয়াৰ পৰা বহুত সুবিধা লাভ কৰিব পাৰিব বুলিও মন্তব্য কৰে। ইপিনে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ইতিমধ্যে উদ্বোধন কৰা খেৰণি আদৰ্শ চিকিৎসালয়ৰ সম্পৰ্কে সাংবাদিকৰ আগত উল্লেখ কৰে যে বৰ্তমান আঠ গৰাকী চিকিৎসক নিযুক্তি দিয়া হৈছে আৰু দুই এদিনৰ ভিতৰত দুই তিনিজন চিকিৎসক নিযুক্তি দিয়া হ’ব বুলি উল্লেখ কৰে। লগতে হাজৰিকাই এই কথাও কয় যে সমগ্ৰ কাৰ্বি আংলঙৰ বাবে এশখন 108 অম্বুলেন্স শীঘ্ৰে দিয়া হ’ব বুলি। আনহাতে পশ্চিম কাৰ্বি আংলং জিলা,ডিমা হাছাও জিলা,আৰু হোজাই জিলাত কুঁহিয়াৰ খেতিৰ পৰা উৎপাদিত গুৰ বিক্ৰী বন্ধ হৈ যোৱাত সাধাৰণ কৃষকে সন্মূখীন হোৱা সমস্যাৰ সম্পৰ্কে সুধা প্ৰশ্ন উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰি শীঘ্ৰে গুৰ ক্ৰয় বিক্ৰয়ৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস দিয়ে। পৰিষদীয়া ৭ নং কঁপিলী সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদীয় সদস্য পৱন কুমাৰ ৰায়ে পৰিচালনা কৰা উদ্ধোধনী অনুষ্ঠানত স্থানীয় বিধায়ক ডঃ মানছিং ৰংপি প্ৰমুখ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যকৰী সঞ্চালক বিষয়া অচ্যুত বৈশ্যৰ লগতে  জিলা পৰিষদৰ সদস্য বৃন্দ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close