অসম

গোলকগঞ্জ কংগ্ৰেছৰ বিশ্বাসঘাতকতা দিৱস পালনঃ চাইকেল সমদল

প্ৰথম খবৰ গোলকগঞ্জঃ গোলকগঞ্জ ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত গোলকগঞ্জত আজি বিজেপি চৰকাৰৰ জনবিৰোধী নীতি আৰু অপশাসনৰ বিৰুদ্ধে বিশ্বাসঘাতকতা দিৱস পালন কৰা হয়। গোলকগঞ্জ ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি নাৰায়ণ দেৱনাথৰ নেতৃত্বত আজি দিনৰ ভাগত গোলকগঞ্জস্থিত ৰাজীৱ ভৱনৰ পৰা গোলকগঞ্জ বজাৰ অঞ্চলত এক প্ৰতিবাদী চাইকেল সমদল উলিওৱা হয়। পিছত গোলকগঞ্জ ৰাজীৱ ভৱনত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি উত্তম কুমাৰ সৰকাৰ, গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীকে ধৰি ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকে।

Related Articles

Leave a Reply

Close