অসম

গোৱালপাৰা জিলা মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ ছয়মহীয়া পৰীক্ষা বৰ্জন কাৰ্যসূচী

দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতী,প্ৰথম খবৰ:যোৱা ২৫/৬/২০১৮ ইং তাৰিখে অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যী দেৱে বিশ্বনাথ কলেজত সংবাদ মাধ্যমৰ আগত কৰা “ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰণ নহয়” শীৰ্ষক মন্তব্যত গোৱালপাৰা জিলা মাধ্যমিক অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰম হতাশগ্ৰস্তত ভোগা বুলি এক প্ৰেছবিবৃতি যোগে সংবাদ মাধ্যমক জনায়। আজি কৃষ্ণাই ছোৱালী হাইস্কুলত অনুস্থিত হোৱা সন্থাৰ কাৰ্যনিৰ্বাহক সভাত সন্থাৰ সভাপতি আব্দুল হাই আহমেদ আৰু সম্পাদক শান্তনু কলিতা স্বাক্ষৰিত এক প্ৰেছ বিবৃতিত শিক্ষামন্ত্ৰী গৰাকীৰ এনে দুৰ্ভাগ্যজনক মন্তব্যৰ প্ৰতিবাদত ২৮ জুন আৰু পৰহি ২৯ জুন তাৰিখে বৰ্তমান চলি থকা ছয়মাহিলী পৰীক্ষা বৰ্জন কৰা হ’ব বুলি সংবাদ মাধ্যমক জনায়। আনহাতে মন্ত্ৰী গৰাকীৰ এনে ধৰণৰ মন্তব্যই ঠিকাভিত্তিক শিক্ষক সকলৰ ভবিষ্যত জীৱন অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়া বুলিও মন্তব্য কৰে।

Related Articles

Leave a Reply

Close