
অনুৰূপা ডেকা
পৰীক্ষা আহিল বন্ধও আহিল আইতাৰ আখল আলাসেৰে ভৰিল… কি যে মধুৰ সেই দিনবোৰ যেতিয়া ছটা বিষয়ৰ পৰীক্ষাৰ অন্তত মামাহঁতৰ ঘৰলৈ যোৱাৰ স্ফূৰ্তি আহি দুৱাৰদলি পায়হি। কেঁচা মাটিৰ গোন্ধ,গাঁৱৰ সেউজীয়া আৰু সুবাস সনা সেই চিনাকি চিনাকি বতাহজাকৰ হাত বাউল দি মতাৰ মাতাল দুপৰীয়া। আইতাই যুতিকৈ ৰন্ধা বিবিধ শাক,মাছ টেঙাৰে টকালি পাৰি ককাৰ সতে সাধু শুনাৰ আনন্দ,নৈৰ পাৰৰ আম গছ কেইডাললৈ মামাহঁতৰ বিদ্যুত আৰু ত্বৰিতাৰ কি যে হেঁপাহ আবেলি চুবুৰীয়াৰ সৈতে ভাকুট কুট,অলং দলং খেলাৰ আমেজবোৰ নষ্টালজিয়াৰ আলোক সন্ধান।
কণমানিহঁতৰ ধেমালিবোৰ আৰম্ভ হোৱাৰ পথত আজিৰেপৰা আৰম্ভ হৈছে সমূহ বিদ্যালয়ত ছয়মাহিলী পৰীক্ষা ল’ৰা ছোৱালীবোৰৰ চকুত ফুটি উঠিছে কিমান যে ধেমালি!