অসম

চতিয়াৰ ৪নং ভোজমাৰীৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

প্ৰথম খবৰ,চতিয়া:যোৱা ২৬ জুন মংগল বাৰে গুৱাহাটীৰ পাণবজাৰ আৰক্ষীৰ সহযোগত বিশ্বনাথস্থিত নৰ্ডান ৰেঞ্জে এক যুটীয়া অভিযান চলাই দুধৰ্ষ চোৰাং চিকাৰী য়াকুব আলী ওৰফে একুবক গুৱাহাটীৰ মেঘদূত ভৱনৰ সমীপৰ পৰা কৰায়ত্ব কৰে। য়াকুব আলী পূৰ্বে কেইবাটাও গড়ঁ হত্যাৰ লগত জড়িত আছিল। ২০১২ চনত এটা, ২০১৪ চনত এটা, ২০১৬ চনত দুটা আৰু ২০১৮ চনত এটা, সৰ্বমুঠ পাঁচটা গড়ঁ চিকাৰৰ গোচৰত অভিযুক্ত আছিল য়াকুৱ ! য়াকুৱৰ গ্ৰেপ্তাৰৰ পাচতেই কেতবোৰ অন্য তথ্য পোহৰলৈ আহিছে ৷ বিগত প্ৰায় ১০ বছৰ ধৰি গড়ঁ হত্যাৰ লগতে ইয়াৰ খৰ্গ বিক্ৰী কৰাৰ কাৰ্য্যত জড়িত হৈ আছিল চোৰাং চিকাৰী য়াকুৱ। মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচলকে ধৰি অন্য বহি:ৰাজ্যৰ লগতো য়াকুবে সম্পৰ্ক স্থাপন কৰি গড়ঁৰ খৰ্গৰ অবৈধ ব্যৱসায় তথা বুজন পৰিমানৰ ধন আয় কৰিবলৈ সক্ষম হৈছিল। চিকাৰ কাৰ্য্যত ব্যৱহাৰ হোৱা মাৰণাস্ত্ৰ আৰু সক্ৰিয় গুলি-বাৰুদ সৰবৰাহ আৰু অবৈধ ভাবে ৰাখি আন এক ব্যৱসায় চলাই আহিছিল। মংগল বাৰে গুৱাহাটীৰ পানবজাৰৰপৰা গ্ৰেপ্তাৰ কৰা দুধৰ্ষ গড় চিকাৰী য়াকুব আলিৰ স্বীকাৰোক্তি ভিত্তিত কালি নিশা ১০ বজাত চতিয়াৰ ভোজমাৰীৰ য়াকুৱৰ ঘৰৰ পাচ ফালৰ পৰা এটা ৩০৩ ৰাইফল ,এডাল চাইলেঞ্চাৰ আৰু ২৪ জাই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়। কাজিৰঙা নৰ্দান ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱা, চতিয়া -জামুগুৰিহাট আৰক্ষীৰ লগতে কুসুমটলা এছ টি এফ আৰু ইটাখোলা চি আৰ পিৰ যুটীয়া অভিযানত উদ্ধাৰ বিস্ফোৰকখিনি৷

Related Articles

Leave a Reply

Close