অসম

চাংসাৰিত ভয়াবহ পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত এগৰাকী মহিলা

চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ: কামৰূপ জিলাৰ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত চাংসাৰিৰ ধোপাটাৰী বজাৰৰ সমীপত আজি সংঘটিত পথ দুৰ্ঘটনাত এগৰাকী মহিলা গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। চাংসাৰিত অব্যাহত ট্ৰাক, ডাম্পাৰ আদিৰ দৌৰাত্মৰ বাবে আজিলৈকে অঞ্চলটোত কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছিল। আজি পুনৰ সেই ধৰণৰ কাৰণতে সংঘটিত হল এক ভয়াবহ পথ দুৰ্ঘটনা। ঘটনাৰ বিবৰণী অনুসৰি আজি ৰাতিপুৱাৰ ভাগত চাংসাৰি ধোপাটাৰী বজাৰৰ একেবাৰে সমীপতে এখন টেইলাৰে স্কুটী এখনত জোৰেৰে খুণ্ডা মৰাৰ ফলত চাংসাৰিৰ জলাহৰ এলিমা বেগম নামৰ মহিলা এগৰাকী গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা অনুসৰি মহিলা গৰাকীয়ে নিজৰ সন্তানক স্কুলত থব আহি এই দুৰ্ঘটনাৰ মুখামুখি হবলগীয়া হৈছিল। ঘটনা সংঘটিত হোৱাৰ পিছতে চাংসাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাটপ্ৰাপ্ত মহিলা এলিমা বেগমক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বাতৰি লিখা পৰলৈকে মহিলা গৰাকী জি এন আৰ চি চিকিৎসালয়ৰ আই চি উত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে চাংসাৰিত আৰক্ষীৰ দ্বাৰা অনিয়ন্ত্ৰিত ট্ৰাকৰ পাৰ্কিং, ডাম্পাৰৰ দৌৰাত্মৰ বাবে আজিলৈকে দুৰ্ঘটনাত পতিত হৈ বহুকেইজন লোকে মৃত্যুক সাবটি লোৱাৰ বিপৰীতে ভালেকেইজন আঘাতপ্ৰাপ্ত হৈছে যদিও চাংসাৰি আৰক্ষী তথা প্ৰশাসনৰ ফালৰ পৰা এই সমূহ নিয়ন্ত্ৰণ ও সমাধানৰ বাবে কোনো ধৰণৰ বিশেষ কাৰ্য্যপন্হা নোলোৱাত অঞ্চলবাসী ৰাইজে দুয়োটা বিভাগকে ঘটনাৰ পাছতে তীব্ৰ ধিক্কাৰ প্ৰদান কৰিছে।

Related Articles

Leave a Reply

Close