অসম

চেঙাত উত্তেজনা,ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানত দুৰ্নীতিৰ অভিযোগ  

প্ৰথম খবৰ,চেঙা:যি সময়ত কেন্দ্ৰীয় চৰকাৰে মহিলা সাৱলীকৰণৰ ওপৰত গুৰুত্ব দি আত্মসহায়ক গোটৰ বাবে বিশেষ আঁচনি ৰূপায়ণৰ নামত মহিলা সমাৰোহ অনুষ্ঠিত কৰি আহিছে সেই সময়তে বৰপেটা জিলাৰ চেঙাত ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ ওপৰত এক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। আত্ম সহায়ক গোটৰ ধন আত্মসাৎ কৰি গ্ৰাম্য সংগঠনৰ ৰোষত পৰিল ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ চেঙা কাৰ্যালয়ৰ খণ্ড প্ৰকল্প বিষয়া ৰিন্টু হালৈ আৰু খণ্ড সমন্বয়ক মহিনীজ বৰুৱাই।  চেঙাৰ মা-লক্ষ্মী গ্ৰাম্য সংগঠনটোৰ নামত এখন ভুৱা সমিতি গঠন কৰি খণ্ড প্ৰকল্প বিষয়া ৰিন্টু হালৈয়ে মূল সমিতিৰ অজ্ঞাতে ভুৱা সমিতিৰ লগত বুজাপৰা কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ তুলিছে গ্ৰাম্য সংগঠনটোৰ অধিক সংখ্যক মহিলাই। এই সন্দৰ্ভত কালি চেঙা গ্ৰাম্য বহুমুখী ভৱনত অনুষ্ঠিত এখন সভাত তীব্ৰ উত্তেজনাই বিৰাজ কৰে। গ্ৰাম্য সংগঠনটোৰ অন্তৰ্গত আত্মসহায়ক গোটৰ মহিলা সকলৰ প্ৰশ্নৰ কোনো সদুত্তৰ দিব নোৱাৰিলে খণ্ড প্ৰকল্প বিষয়া আৰু খণ্ড সমন্বয়কে। যাৰ বাবে মহিলাসকল ক্ষোভিত হৈ পৰে আৰু এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। মা-লক্ষ্মী গ্ৰাম্য সংগঠনটোৰ একাংশ মহিলাক হাতৰ মুঠিত ৰাখি গ্ৰাম্য সংগঠনটোৰ ধন আত্মসাৎ কৰাৰ লগতে আঠ লক্ষ টকাৰ এক কেলেংকাৰী হোৱা বুলিও অভিযোগ তুলিছে ভুক্তভুগী মহিলাসকলে। এই লৈ কালিৰ সভাখনত উত্তেজনা চলি থাকোতেই খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ দল এটিক বিষয়াগৰাকীয়ে কাৰ অনুমতি লৈ সাংবাদিক আহিছে বুলি প্ৰশ্ন কৰাৰ লগতে সাংবাদিকক দুৰ্ব্যৱহাৰো কৰে। আনহাতে ম’বাইলেৰে ভি ডি অ’ কৰি থকা খণ্ড সমন্বয়ক মহিনীজ বৰুৱাই সাংবাদিকক কাৰ্ড বিচাৰি ভাবুকিও প্ৰদান কৰে। জোলোঙাৰ মেকুৰী ওলাই পৰাৰ ভয়তে খণ্ড প্ৰকল্প বিষয়াগৰাকীয়ে মহিলা সকলক বন্ধ কোঠাত আৱদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰাত মহিলাসকল অধিক খঙাল হৈ পৰে। মহিলাসকলৰ উগ্ৰ মূৰ্তি দেখি দুয়োগৰাকী বিষয়াই পলায়ন কৰিবলৈ বিচৰাত উত্তেজিত মহিলাসকলে আগচি ধৰি বিষয়া দুগৰাকীক লপাথপা দিয়ে। পিছত তাৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।দুৰ্নীতিগ্ৰস্থ বিষয়া দুগৰাকীৰ ওপৰত বিহীত ব্যৱস্থা লোৱাৰ লগতে ভুৱা সমিতিখন ভঙ্গ কৰি নতুন সমিতি গঠন কৰিবলৈও দাবী জনায় মহিলাসকলে।

Related Articles

Leave a Reply

Close