অসমশীৰ্ষৰাষ্ট্ৰীয়

জনসমূদ্ৰত পৰিণত কামাখ্যা ধাম,উখল-মাখল নীলাচলৰ বুকু

ভক্তিৰসত বুৰ গ'ল শক্তিপীঠ

নিউজ ডেস্ক,প্ৰথম খবৰ:আজি মহাম্বুবাচীৰ নিবৃত্তি,সেয়ে পুৱাতে পৱিত্ৰ মা কামাখ্যা ধাম দৰ্শন কৰি সমগ্ৰ অসমবাসীৰ মংগল কামনাৰ্থে প্ৰাৰ্থনা জনায় মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে। ৰাজ্যখনত শান্তি-সম্প্ৰীতি,সাতামপুৰুষীয়া ভ্ৰাতৃত্ববোধ আৰু উন্নয়নৰ ধাৰা অটুট ৰাখি আগন্তুক দিনবোৰতো যাতে কঠোৰ পৰিশ্ৰম কৰি যাব পাৰে তাৰ বাবে মা কামাখ্যাৰ পৰা আশীষ বিচাৰিলে মুখ্যমন্ত্রীগৰাকীয়ে। মহামিলনৰ স্থলী অম্বুবাচী মেলাত শৃংখলাবদ্ধভাৱে অংশগ্ৰহণ কৰা দেশ-বিদেশৰ ভক্তবৃন্দৰ লগতে সমগ্ৰ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰা প্ৰশাসনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলে সোণোৱালে।

Related Articles

Leave a Reply

Close