অসম

থলুৱা আমৰ প্ৰদৰ্শনী আৰু কৃষক কৰ্মশালা

ঢকুৱাখনাৰপৰা পাপু বৰুৱা,প্ৰথম খবৰ:ঢকুৱাখনা প্ৰেছ গীল্ড আৰু ৱাইল্ড ছিল্ক চ’চাই ,উত্তৰ-পূৱৰ উদ্যোগত ২৬ জুন ২০১৮ তাৰিখ মঙ্গলবাৰে ঢকুৱাখনা নৰ্মাল স্কুলত অনুষ্ঠিত হ’ব থলুৱা আমৰ প্ৰদৰ্শনী আৰু কৃষক কৰ্মশালা। জৈৱ-বৈচিত্ৰ্যৰে পৰিপূৰ্ণ ঢকুৱাখনা – ধেমাজি অঞ্চলটি থলুৱা আমৰ স্বাভাৱিক উৎপত্তিস্থল,য’ত প্ৰায় ৫২ টা প্ৰজাতিৰ থলুৱা আম বৰ্তমান চিনাক্তকৰণ কৰা হৈছে। এই প্ৰদৰ্শনী আৰু কৃষি কৰ্মশালাত ঢকুৱাখনা আৰু ধেমাজি অঞ্চলত পোৱা প্ৰায় ৫২ টা প্ৰজাতিৰ থলুৱা আম প্ৰদৰ্শিত হ’ব। কাৰ্যসূচী অনুসৰি ২৬ জুন পুৱা ৯ বজাত পৰিৱেশ নিকাকৰণ। ৯.৩০ বজাত অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখা সম্পাদক দিগেন্দ্ৰ নাথ হাজৰিকাই আম পুলি ৰোপণনেৰে অনুষ্ঠানটি পাতনি মেলিব। পুৱা ১০ বজাত প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমিয় কুমাৰ সন্দিকৈয়ে। ১১ বজাত ”থলুৱা আমৰ সংৰক্ষণ,সংবৰ্ধন আৰু বাণিজ্যিকীকৰণৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সৱলীকৰণ” শীৰ্ষক আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। আলোচনা সত্ৰ খনি উদ্ধোধন কৰিব অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি অৰিন্দম বৰুৱাই। ঢকুৱাখনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াই আলোচনা সত্ৰখনি সঞ্চালনা কৰিব। উল্লেখ্য যে, থলুৱা আমৰ প্ৰদৰ্শনী আৰু কৃষক কৰ্মশালাখনৰ মূল বিষয়-বস্তুৰ সন্দৰ্ভত আলোকপাত কৰিব ৱাইল্ড ছিল্ক ছ’চাইটি উত্তৰ-পূৱৰ সঞ্চালক জিতুল শইকীয়াই। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ উদ্যান শস্য বিভাগৰ প্ৰধান বিজ্ঞানী ড. জ্যোতিপ্ৰসাদ দত্ত,লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিভাগৰ বিষয় বিশেষজ্ঞ ড. জ্যোৎস্না দাস,উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড. প্ৰদীপ কুমাৰ মিত্ৰ,ধেমাজি মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড. অন্নজ্যোতি গগৈ , আমণ্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত মুখ্য প্ৰৱন্ধক কুলনাথ ভঁৰালী,লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক চাজ্জাদ হুচেইনকে আদি কৰি বহুকেইজন ব্যক্তি।

Related Articles

Leave a Reply

Close