অসম

দুধনৈত ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন

 দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী প্ৰথম খবৰ: বিশ্ব পৰিবেশ দিৱস উপলক্ষ্যে আজি গোৱালপাৰা জিলাৰ দুধনৈৰ নিকটবৰ্তী দামৰা ডনবস্কো স্কুলৰ চৌহদত দামৰাস্থিত ভাৰতীয় সেনাবাহীনিৰ গোৰ্খা ৰেজিমেন্টৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়।

এই উপলক্ষে আয়োজিত এক অনুস্থানত গোৰখা ৰেজিমেন্টৰ এ কোম্পানীৰ মেজৰ বিক্ৰান্ট শৰ্মাই স্কুল চৌহদত ছাত্ৰ ছাত্ৰী সকলৰ সৈতে বৃক্ষৰোপণ কাৰ্যসূচীত অংশ লৈ তেওঁ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি দিয়া ভাষণত পানীৰ সদব্যবহাৰ কৰাৰ লগতে বৃক্ষৰোপণ কৰি পৃথিবীৰ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ উপৰিও পৃথিৱীখন প্ৰদুষিত কৰা প্লাচটিক বৰ্জন কৰাৰ বাবে আহ্বান জনায়।আনহাতে এই অনুস্থানতে দামৰা ডনবস্কো স্কুলৰ ৰেক্টৰ কে, অ, আগস্টিনে প্লাচটিকৰ অপকাৰিতাৰ বিষয়ে বিশদ ভাবে বাখ্যা দাঙি ধৰাৰ লগতে প্লাচটিকৰ দ্বাৰা হোৱা প্ৰদুষণ ৰোধ কৰিবলৈ সকলোকে আহ্বান জনায়। এই অনুস্থানতে গোৰখা ৰেজিমেণ্টৰ চুবেদাৰ লাল বাহাদুৰ থাপা আৰু স্কুলৰ প্ৰধান শি়ক্ষক নিকোডিম আইন্দ উপস্থিত থকাৰ লগতে স্কুলৰ সমুহ ছাত্ৰ ছাত্ৰী ,শিক্ষক কৰ্মচাৰী উপস্থিত থাকে।

Related Articles

Leave a Reply

Close