অসম

দুধনৈত লাডেনৰ সন্ত্ৰাসত পুনৰ প্ৰাণ গ’ল দুজনৰ

দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী,প্ৰথম খবৰ:বৃহত্তৰ দুধনৈ অঞ্চলৰ লগতে ৰংজুলি ধুপধৰা,ধনুভাঙ্গা,আগিয়া আদি অঞ্চলত হাতী মানুহৰ সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাৰ ভিতৰত দুগৰাকী মহিলা সহ এজন যুৱকে প্ৰাণ হেৰুৱাব লগা হয় লাডেন নামৰ হাতীটোৰ আক্ৰমণত। মানুহ দেখিলেই ভয়াবহ ৰূপ লোৱা লাডেনে যোৱা নিশা দুধনৈ ডাবলী গাৰোপাৰাত জুমলি ৰাভা আৰু অমৰ ৰাভা নামৰ দুই যুৱকক নৃশংসতাৰে গচকি ছিন্নভিন্ন কৰি পেলায়। এই ঘটনাত ভয়তে ত্ৰাহি মধুসুধন হ’বলগীয়া হৈছে গাঁৱবাসী। ইপিনে অকৰ্মণ্য বনবিভাগে ৫০০০/- টকাকৈ দিয়ে দায়িত্ব সামৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে ৩৫ত কৈ অধিক মানুহক হত্যা কৰা লাডেন নামৰ হাতীটোক অতি সোনকালে কৰায়ত্ব কৰিবলৈ গাঁৱবাসীয়ে দাবী তুলিছে।

Related Articles

Leave a Reply

Close