অসম

নলবাৰীত অসম শিল্পী সংস্থাৰ ৰাভা দিৱস উদযাপন

প্ৰথম খবৰ,নলবাৰী: অসম শিল্পী সংস্থাৰ উদ্যোগত আৰু প্ৰতিমা বৰুৱা পাণ্ডে কলা কৃষ্টি প্ৰতিষ্ঠানৰ সহযোগত আজি নলবাৰী হৰিমন্দিৰ প্ৰাংগনত কেন্দ্ৰীয় ভাৱে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। কাৰ্যসূচী মতে পূৱা ৯ বজাত সংস্থাৰ পতাকা উত্তোলন কৰে পংকজ পল্লৱ শৰ্মাই,কলা কৃষ্টিৰ পতাকা উত্তোলন কৰে অজিত বৰ্মনে। ইয়াৰ পিছতে বৃক্ষৰোপন কৰে অসম চৰকাৰৰ বন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ আনন্দ খাটনিয়াৰ,বৃক্ষ বন্ধু গংগাধৰ বৰ্মন,হৰিমন্দিৰৰ সাধাৰণ সম্পাদক নগেন ডেকা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই। ১০-১৫ বজাত ‘সাম্প্ৰতিক সময়ত বিষ্ণু ৰাভাৰ আদৰ্শৰ প্ৰাসংগিকতা ‘শীৰ্ষক আলোচনা চক্ৰ খন উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই সঞ্চালনা কৰা আলোচনা চক্ৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ খুলশালী কমলা বৰ্মন,শিক্ষাবিদ ডঃ ভূপেশ শৰ্মা,দ্বীজেন শৰ্মা,শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, উত্তৰ পূৱ লঘু উদ্যোগ ভাৰতীৰ সম্পাদক অৰুপ বৰপূজাৰী উপস্থিত থকাৰ লগতে নলবাৰী জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতি,নলবাৰী মহাবিদ্যালয়, এম এন চি মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী একতা সভাৰ, শংকৰদেৱ একাডেমিৰ বিষয়ববীয়া উপস্থিত থাকে। আলোচনা চক্ৰত ভাষন ৰাখি বিষ্ণুপ্ৰসাদ ৰাভা খুলশালী কমলা বৰ্মনে কয় যে- মহান সংগ্ৰামী বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে গেলিব ধৰা সমাজ -সংস্কৃতিৰ বাস্তৱ পৰিবৰ্তন কৰিব লাগিব। তেতিয়াহে ৰাভাক স্মৰণ কৰাৰ হ’ব। বিষ্ণু ৰাভাই সমাজক নৱ গতি দিয়াৰ বাবে বলিষ্ঠ পদক্ষেপ লৈছিল। যাৰ বাবে বিষ্ণু ৰাভা সকলো জনগোষ্ঠীৰ আদৰৰ আছিল বুলি দোহাৰে। উল্লেখ্য যে উক্ত অনুষ্ঠানত শিল্পী প্ৰাণজিৎ লোচন শৰ্মাৰ শিশু নাট সংকলন ‘ৰং বেৰং ‘ খন উন্মোচন কৰা হয়। বিয়লি ৰাভা সংগীত প্ৰতিযোগিতা খনি উদ্বোধন কৰে সমাজকৰ্মী ৰাজীৱ লহকৰে । সন্ধিয়া শিল্পী সম্বৰ্ধনা ও গ্ৰন্থ উন্মোচন অনুষ্ঠান হয় । সম্বৰ্ধনা অনুষ্ঠানত নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউট, যোৰাবাটৰ অধ্যক্ষ গনেশ তামূলী, নাগাৰা সূৰ্য্য ৰামচৰণ ভড়ালী, ভাগ্যদেৱী থিয়েটাৰৰ প্ৰযোজক সুবোধ মজুমদাৰ, শিল্পী জীৱেশ্বৰ ডেকা, বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায় মেধি, পল্লৱী পাপেট থিয়েটাৰৰ প্ৰযোজক ধীৰেন ঠাকুৰীয়া, অভিনেত্ৰী মণি বৰাক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে শিল্পী ডাঃ শুভ্ৰ কিংকৰ গোস্বামী,যুৱ নেতা দিলজিৎ বৰ্মন,শিল্পী দিলীপ কুমাৰ দাস, বিশিষ্ট ব্যক্তি ডাঃ প্ৰণৱ কুমাৰ শৰ্মা, মনোজ কুমাৰ বৰ্মন, মজিব আলী, মুকুল বৰা, পংকজ ডেকা, ধনেশ্বৰ ডেকা, কবি জিতেন্দ্ৰ কুমাৰ জৈনে। উদযাপন সমিতিৰ সম্পাদক অমৰ কিৰণ আৰু বিত্ত সম্পাদক মনোজ বৰ্মনে আতঁ ধৰা নিশা গীতে মাতে এসন্ধ্যা অনুষ্ঠানটি উদ্বোধন কৰে ৰাষ্ট্ৰীয় যুৱ মৰ্চাৰ অসমৰ সভাপতি ৰাজীৱ কাকতিয়ে ।

Related Articles

Leave a Reply

Close