অসম

নলবাৰীৰ অৰৰাত সজাগতা সভা

প্ৰথম খবৰ, নলবাৰী:নলবাৰীৰ নেহৰু যুৱক সংঘই মানৱসেৱা শান্তি সেৱা সংঘৰ সহযোগত যোৱা পোন্ধৰ মে’ৰ পৰা স্বচ্ছতাৰ হকে আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে এলানিট সজাগতামূলক অভিযান চলাই আছে। ইয়াৰে অংশ হিচাপে আজি নলবাৰীৰ অৰৰা জয়পালথান মজলীয়া বিদ্যালয়ত এখন সজাগতা সভাৰ আয়োজন কৰে। শতাধিক ছাত্র ছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত বিদ্যালয়ৰ প্ৰধান শিক্ষক জনাৰ্দন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে সাংবাদিক কমলেশ শৰ্মাই। ভাষণ প্ৰসংগত শৰ্মাই কয় যে বাহ্যিক স্বচ্ছতাৰ লগতে আমি অন্তৰৰ স্বচ্ছতাতো সমানে গুৰুত্ব দিব লাগে। ছাত্ৰ ছাত্ৰীসকলক সৰুৰে পৰা বিজ্ঞানমনস্কতাৰে আগবাঢ়িবলৈ আহ্বান জনাই তেওঁ কয় যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ ব্যক্তি আৰু সমাজৰ প্ৰগতিৰ হেঙাৰ। একাংশ কলেজ-বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী লোকে সুশিক্ষিত নোহোৱাৰ ফলতে অন্ধবিশ্বাসী হৈ তান্ত্ৰিক,বাবা,পীৰ তাবিজ,গ্ৰহৰত্ন বিচাৰি ফুৰে বুলিও তেওঁ উল্লেখ কৰে। বহুক্ষেত্ৰত ৰাজনীতিকসকলে অন্ধবিশ্বাস বিয়পাই ৰাইজক বিভ্ৰান্ত কৰে বুলি সাংবাদিকগৰাকীয়ে কয়। অনুষ্ঠানত সভাপতি জনাৰ্দন কলিতাই শিক্ষাৰ্থীসকলক স্বচ্ছতা বজাই ৰাখিবলৈ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে সৰুৰে পৰাই যুঁজ দিবলৈ আহ্বান জনায়। সভাত শিক্ষক প্ৰতুল কলিতা,দীপক চক্ৰৱৰ্তী, নগেন্দ্ৰ ভট্টাচাৰ্য, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মোহন কলিতা,মানৱ সেৱা শান্তি সেৱা সংঘৰ কৰ্মকৰ্তা জিতু বৰ্মন, ৰাজু বৰ্মন, জুতিৰাজ বৰ্মন আদিও উপস্থিত থাকে।

Related Articles

Leave a Reply

Close