অসম

নলবাৰীৰ গোপালথানত যোগ প্ৰশিক্ষণ শিবিৰ সম্পন্ন

প্ৰথম খবৰ,নলবাৰী: নলবাৰী নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজি জিলাখনৰ গোপালথান পলিটেকনিক ইনষ্টিটিউট হাইস্কুলৰ সভা গৃহত এটা যোগ প্ৰশিক্ষণ শিবিৰ হৈ যায়। প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক হিচাপে যোগ প্ৰশিক্ষণ পতঞ্জলিৰ নলবাৰী জিলা সভাপতি ভাস্কৰ শৰ্মা, জিলা প্ৰভাৰী মহীনি ডেকা আৰু পতঞ্জলিৰ জিলা যোগ প্ৰচাৰক নয়নমণি শৰ্মাই। বিদ্যালয় খনিৰ শিক্ষক কুশল মজুমদাৰে আতঁ ধৰা শিবিৰত নলবাৰী নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক কৰৱী তালুকদাৰ,বাৰতা যুৱ সংঘ,মহিলা সমিতিৰ সদস্য আৰু ছাত্ৰ ছাত্ৰী সকল সহ মুঠ ৯০ গৰাকী লোকে প্ৰশিক্ষণ গ্ৰহণ কৰে। সামগ্ৰীক ভাৱে প্ৰকাশ ডেকাই পৰিচালনা কৰা শিবিৰত প্ৰশিক্ষাৰ্থী সকলক উদ্দেশ্য যোগ প্ৰশিক্ষণ পতঞ্জলিৰ নলবাৰী জিলা সভাপতি ভাস্কৰ শৰ্মাই কয় যে-যোগে মানৱ শৰীৰৰ প্ৰতিটো অংগ সুস্থ কৰি ৰাখে আৰু মন শুদ্ধ কৰে বুলি দোহাৰি তেওঁ কয় যোগ প্ৰতি গৰাকী লোকে কৰা প্ৰয়োজন।

Related Articles

Leave a Reply

Close