অসম

নলবাৰীৰ বালভৱনত বিদ্যাপীঠত উত্তপ্ত সামান্য দোষত ছাত্ৰক সহকাৰী প্ৰধান শিক্ষকে পিটিলে

প্ৰথম খবৰ নলবাৰী: নলবাৰীৰ বালভৱন বিদ্যাপীঠত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰক শ্ৰেণী কোঠাৰ ভিতৰতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ৷প্ৰহৃত ছাত্ৰৰ পৰিয়াল তথা একাংশ ৰাইজে ঘটনাৰ পিছতে উত্তপ্ত কৰি তোলে বিদ্যালয় খনৰ চৌহদ৷উল্লেখ্য যে নলবাৰীৰ বালভৱন বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আৰিফুল হকক সামান্য দোষতে বিদ্যালয় খনৰ সহকাৰী প্ৰধান শিক্ষক কীৰ্তি বৰ্মনে শ্ৰেণীকোঠাৰ ভিতৰতে বৰ বেয়াকৈ প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে ছাত্ৰ জনৰ পৰিয়ালে৷ উল্লেখ্য যে শিক্ষা বিভাগৰ নিয়ম মতে এতিয়া ছাত্ৰ ছাত্ৰীক শিক্ষকে প্ৰহাৰ কৰিব নোৱাৰে। ফলত বিদ্যালয় চৌহদত এক হুলস্থূলীয়া পৰিবেশৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আনকি উত্তেজিত একাংশই লাঠি ,গোজ আদি লৈ এক বিশৃংখল পৰিবেশ কৰে যদিও সচেতন চামৰ তৎপৰতাত নিয়ন্ত্ৰণ হয়৷

Related Articles

Leave a Reply

Close