অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল

প্ৰথম খবৰ নাহৰকটীয়া: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আজি ৰাজ্যজুৰি যুৱ ছাত্ৰ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বাহি কৰে প্ৰতিবাদী জোঁৰ সমদল।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নাহৰকটীয়াতো যুৱ ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত শুক্ৰবাৰে সন্ধিয়া নাহৰণিত বাহিৰ কৰা হয় এই প্ৰতিবাদী জোঁৰ সমদল।যুৱ ছাত্ৰ পৰিষদৰ লগতে আছু, আটছা,গোৰ্খা ছাত্ৰ সন্থা,বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন আটাছু ধৰি বিভিন্ন দল সংগঠনে সহযোগীতা আগবঢ়োৱা এই সমদলত অঞ্চলটোৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি জাতিধ্বংসী এই বিধেয়কখনৰ তীব্ৰ বিৰোধীতা কৰাৰ লগতে অতিশীঘ্ৰে এই বিধেয়কখন বাতীলৰ দাবী জনায়।

Related Articles

Leave a Reply

Close