অসম

নামখলাৰ পামুৱৈপাৰা যুৱ মঞ্চৰ উদ্যোগত কৃৰ্তী ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন

প্ৰথম খবৰ,খৈৰাবাৰী:ওদালগুৰি জিলাৰ এক অগ্ৰনি সামাজিক সংগঠন পামুৱৈপাৰা যুৱমঞ্চৰ উদ্যোগত যোৱা ২৩ জুন তাৰিখে এক বিশেষ সম্বর্ধনা কাৰ্যসূচী ৰূপায়ন হৈ যায়। উক্ত দিনাৰ কাৰ্যসূচীত যুৱমঞ্চৰ অৰ্ধশতাধিক সদস্যই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সফলতাৰে উৰ্ত্তীৰ্ণ হোৱা কৃতি শিক্ষাৰ্থী সকলৰ ঘৰে ঘৰে গৈ তেওঁলোকক মানপত্ৰ,গামোচা,কিতাপৰ টোপোলা আদিৰে সম্বর্ধনা জনায়। উল্লেখ্য যে পামুৱৈপাৰা যুৱমঞ্চই আজি কেইবাবছৰো ধৰি বৃহত্তৰ পামুৱৈপাৰা চুবুৰীৰ আৰ্থ সামাজিক তথা সাংস্কৃতিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ন কৰি ৰাইজৰ দ্বাৰা প্ৰশংসিত হৈছে।

Related Articles

Leave a Reply

Close