অসম

নিশা  উত্তপ্ত লামডিং ৰেলৱে ষ্টেচন

নিউজ ডেস্ক, প্ৰথম খবৰ:  প্ৰাকৃতিক দুৰ্যোগৰ ফলত পুনৰবাৰ লামডিং শিলচৰৰ ৰেলসেৱা সম্পুৰ্নৰূপে বিচিন্ন৷ লামডিং আৰু হাফলঙৰ মাজৰ ফাইডিং,মাহুৰ,নিউ হাফলং,জাতিংগা,বান্দৰখলা আদি ঠাইত ভূমিস্খলন হয়।যাৰ বাবে ৰেল বিভাগে শিলচৰৰ কেবাখনো ৰেল বাতিল কৰাত লামডিঙত ৫৫৬৫১ নং গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰেল, ২৫৬৫৭ নং শিয়ালদাহ-শিলচৰ কাঞ্চনজংঘা ৰেলখন লামডিঙৰ পৰা পুনৰ উভতি যাব বুলি ৰেল বিভাগে জানিবলৈ দিয়ে। দুয়োখন ৰেলত ২৪ ঘন্টা যুৰি আৱদ্ধ থকা যাত্ৰীৰসকলে লামডিং ৰেল ষ্টেচনতে নিশা ১২ বজাত হঠাৎ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷ উত্তপ্ত যাত্ৰীয়ে অভিযোগ কৰে যে  পানী আৰু  বিদ্যুৎ সম্পূৰ্নভাৱে ৰেলখনত বন্ধ কৰি দিয়ে ৰেল বিভাগে৷ যাত্ৰী সকলক টিকতৰ সম্পূৰ্ন মূল্য ঘূৰাই দিয়ে নিজৰ দায়ত্বি সামৰি  ৰেল যাত্ৰীক পৰ্যাপ্ত  সুবিধা নিদিয়াৰো অভিযোগ তোলে। ইফালে ৰমজান মাহৰ সামৰনি পৰি ইদৰ বাবে অহা যাত্ৰী সকলেও ক্ষোভ উজাৰে৷ নিশা ষ্টেচনতে থকা শ শ যাত্ৰীয়ে ৰেল বিভাগৰ চূড়ান্ত গাফিলতৰি ক্ষোভ উজাৰি নিশা ১২ বজাত উজনীমুৱা ৰাজধানী এস্কপ্ৰেছ আৰু ব্ৰহ্মপুত্ৰ মেইলক বহু সময় আৱদ্ধ কৰি ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে ৰেল ষ্টেচন৷ পৰিস্থিত নিয়ন্ত্ৰন কৰিবলৈ জি আৰ পি, আৰ পি এফ আৰু ৰেল কৰ্তৃপক্ষ উপস্থিত হয়৷ আনফালে পেটৰ টাৰনাত নিশা আহাৰ বিচাৰি কিছু সংখ্যক যাত্ৰীয়েও ভাঙিলে ষ্টেচনৰ ভোজনালয়ৰ দৰ্জা৷ নিজৰ দায়িত্ব পৰা সামৰনি মৰা ৰেল বিভাগৰ কৰ্তৃপক্ষই এতিয়ালৈ কোনো আশ্বাস দিয়াৰো দেখা নগল আনকি ৰেল বিভাগেও নাজানে পথচোৱা মুকলি হ’ব কেতিয়া৷ যাত্ৰী সকলৰ সুবিধা বাবে লামডিঙত বাছ আৰু সৰু গাড়ী চলাচল কৰিছে যদিও আধা শতাংশ যাত্ৰীৰ মূৰত ৰাম টাঙোন সোধাইছে চাৰি চকীয়া বাহনৰ চালকে৷ বাছ আৰু সৰু গাড়ীৰ চালকে সুবিধা অনুসৰি  প্ৰতিজন যাত্ৰী পৰা ১০০০-১৫০০ কৈ ভাড়া লোৱাৰ বাবেই বিপাঙত পৰিছে যাত্ৰীসকল৷ মন কৰিব লগীয়া যে যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে বুলেট ট্ৰেন চলোৱা সপোন দেখিছে সেই সময়ত অসমত বাৰিষা হলেই ৰেল বিভাগৰ অতি গুৰুত্বপূৰ্ন পথছোৱা প্ৰতিবাৰেই বিকল্প হৈ পৰে৷ ৰেল বিভাগৰ নামত কোটি কোটি টকা খৰচ কৰা পৰিৰ্ৱতেও আজিলৈকে শিলচৰ লামডিং পথচোৱা ভালদৰে মেৰামতি হৈ নুঠিল।

Related Articles

Leave a Reply

Close