
দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগবতী, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ দুধনৈ থানাত উপ পৰিদৰ্শক উপেন্দ্ৰ নাথ তালুকদাৰে নিজৰ চাৰ্ভিচ পিষ্টলেৰে নিজৰ কোৱাৰ্টাৰতে গুলিয়াই আত্মহত্যা কৰে।এই ঘটনাই দুধনৈ অঞ্চলত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। মৃতদেহৰ ওচৰত ৰিভলভাৰ আৰু দুটা খালী কাৰ্টিজ পোৱা গৈছে।এতিয়ালৈ মৃত্যুৰ কাৰণ বিচাৰি পোৱা নাই ।তদন্ত অব্যাহত আছে। দুধনৈ আৰক্ষী সূত্ৰে জানিব পৰা মতে ঘটনাটো কাহিলী পুৱাৰ ভাগত সংঘটিত হয়।