অসম

প্ৰধানমন্ত্ৰীৰ লগত কৃষকৰ বাৰ্তালাপ

২০ জুনত পুৰণিগুদাম চি এছ চি কেন্দ্ৰত ভিডিঅ' কনফাৰেন্স

পুৰণিগুদামপুৰ দিব্যজ্যোতি ভূঞা,প্ৰথম খবৰ: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২০ জুনত পুৰণিগুদাম দৃষ্টি ফাউণ্ডেচনৰ কমন চাৰ্ভিছ চেন্টাৰ (চি এছ চি) কেন্দ্ৰত অনলাইন যোগে কৃষকসকলৰ লগত বাৰ্তালাপ কৰিব৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে সেইদিনা পুৱা ৯-৩০ বজাত পুৰণিগুদামস্থিত চি এছ চি কেন্দ্ৰত ৫০ ৰ পৰা এশগৰাকী কৃষকৰ মনৰ কথা বুজ ল’ব৷কৃষকসকলৰ বিভিন্ন সমস্যা বিশেষকৈ কৃষি বীমা,উন্নতমানৰ বীজ,সাৰ,কৃষকসকলৰ বাবে চৰকাৰে কৰা বিভিন্ন উন্নয়নমূলক আঁচনি আদিৰ সম্পৰ্কতো কৃষকসকলৰ লগত বাৰ্তালাপ কৰিব৷সেয়েহে অহা ২০ জুনৰ পুৱা ৯-৩০ বজাত পুৰণিগুদাম দৃষ্টি ফাউণ্ডেচনৰ চি এছ চি কেন্দ্ৰত উপস্থিত থাকিবলৈ উদ্যেক্তাসকলে অনুৰোধ জনাইছে৷সবিশেষ জানিবলৈ ৭০০২৪৫৭৭৯৫ নম্বৰত যোগাযোগ কৰিব পাৰিব৷

Related Articles

Leave a Reply

Close