অসমশীৰ্ষ

ফেচবুক কাণ্ডৰ বাবে সৰভোগ উত্তপ্ত বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়াঃ বৰপেটা জিলা আৰক্ষী প্ৰশাসনৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ অহেদুল আলীক মুকলি, ঘটনাৰ প্ৰকৃত অপৰাধী গ্ৰেপ্তাৰ

 

প্ৰথম খৱৰ, সৰভোগ: সৰভোগত যোৱা নিশা সংঘটিত হোৱা ফেচবুক কাণ্ডৰ বাবে  সৰভোগত এক উৎতপ্ত পৰিস্থিতি বিৰাজ কৰিছে। যদিওঁ জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধিক্ষক, চক্ৰ বিষয়া আদি কৰি বিভিন্ন পৰ্য্যায়ৰ আৰক্ষী বিষয়াৰ তৎপৰতাত সাম্প্ৰতিক পৰিস্থিতি নিয়ন্ত্ৰণাধীন হয়। যদিও বিভিন্ন দল সংগঠনে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে। উল্লেখ্য যে যোৱা নিশা ফেচবুকত সৰভোগত পাকিস্তান জিন্দাবাদ, হিন্দুস্থান মুৰ্দাবাদ বুলি ফেচবুকত আপডেট দিয়া ঘটনাৰ মুল অপৰাধী জ্যোতিষ নাথ(২২) নামৰ যুৱক গৰাকীক আটক কৰিছে সৰভোগ থানাৰ আৰক্ষী পৰিদৰ্শক সঞ্জীৱ কুমাৰ দাসে।

 

 

জ্যোতিষ নাথ নামৰ যুৱক জনে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে এই দুস্কাৰ্যৰ কথা৷ অহেদুল আলী নামৰ এজন ব্যক্তিৰ ফেচবুক একাউন্ট হেক কৰি জ্যোতিষ নাথে ফেচবুকত দিছিল উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ ষ্টেটাচ৷ অহেদুলৰ সতে থকা ব্যক্তিগত শত্ৰুতাৰ বাবেই  ফেচবুকত উগ্ৰ সাম্প্ৰদায়িক মন্তব্য দিয়াৰ কথা স্বীকাৰ ধৃত জ্যোতিষ নাথৰ৷ জ্যোতিষ নাথৰ ঘৰ সৰভোগৰ ৰামপুৰত৷
বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ভায়লেট বৰুৱাই আজি ঘটনাটোৰ ক্ষেত্রত সংবাদ মাধ্যমৰ শলাগ লয়। লগতে তেওঁ কয় যে আগন্তুক দিনত যি কোনো চাইবাৰ ক্ৰাইম প্ৰতিৰোধ কৰিবলৈ আৰক্ষী সক্ষম। আৰক্ষী অধিক্ষক গৰাকীয়ে সাংবাদিকক জানিব দিয়া মতে ধৃত যুৱক জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধিনত ১২০(বি)/ ১২১/ ১৫৩(এ) /২৯৫(এ) আই পি চি অধিনত ১৩১/১৮ নং গোছৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে। আনহাতে আজি দিনৰ ভাগত সৰভোগ আৰক্ষীয়ে অহেদুল আলীক মুকলি কৰি দিয়ে। ইপিনে গৰিয়া মৰিয়া দেশিয় জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে পৰিস্থিতি বুজিলৈ বৰনগৰবাসী ৰাইজক সংজম ৰক্ষা কৰি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Close