অসমশীৰ্ষ

বনমাজাত গায়ক নীলআকাশৰ সংগীতানুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতি চুক্তি অনুযায়ী মাননি প্ৰদান নকৰাৰ অভিযোগ সহশিল্পীক আক্ৰমণৰ লগতে বাদ্যযন্ত্ৰ লণ্ডভণ্ড

 

 চাংসাৰিৰপৰা পঙ্কজ নাথ প্ৰথম খবৰ: জালুকবাৰী সমষ্টিৰ চাংসাৰি থানাৰ অন্তৰ্গত বনমাজাত যোৱা নিশা জনপ্ৰিয় গায়ক নীল আকাশৰ সংগীতানুষ্ঠানত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰাপ্ত খবৰ মতে বনমাজা ৰঙালী বিহু সন্মিলনীয়ে আয়োজন কৰা সংগীতানুষ্ঠানত নীল আকাশক সংগীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিল। সেই অনুসৰি গায়ক গৰাকীয়ে নিৰ্দিষ্ট সময়ত উক্ত স্থানত উপস্থিত হৈছিল। ইয়াৰ পিছত নীল আকাশে চুক্তি অনুযায়ী মাননি প্ৰদান নকৰা সত্ত্বেও প্ৰায় দুঘন্টা তেওঁ ৰাইজৰ স্বাৰ্থত গান পৰিৱেশন কৰিছিল বুলি গায়ক গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। গায়ক গৰাকীয়ে উত্থাপন কৰা অভিযোগ মৰ্মে ভুৱা মেনেজাৰৰূপী আৰু ফেচবুকত খাটি অসমীয়া গ্ৰুপৰ গৰাকী নিলভ মালী নামৰ মিৰ্জাৰ এগৰাকী মধ্যভূগী ব্যক্তিয়েও ভুৱাভাৱে এই সংগীতানুষ্ঠাটোৰ বাবে চুক্তি কৰিছিল।

তাৰোপৰি বনমাজা ৰঙালী বিহু সন্মিলনী সমিতিৰ একাংশই চৰম উদ্ভাণ্ডলী সৃষ্টি কৰি গায়ক গৰাকীৰ সহ শিল্পী এগৰাকীক আক্ৰমণ কৰাৰ লগতে বাদ্যযন্ত্ৰও লণ্ডভণ্ড কৰে বুলি জানিবলৈ দিয়ে। আৰক্ষীৰ নিৰাপত্তাৰ দিশটো সোপাঢিলা হোৱাৰ বাবেই পৰিস্থিতিটো অধিক বেয়াৰ ফালে গতি কৰে বুলি বনমজাবাসী একাংশ সচেতন ৰাইজে উল্লেখ কৰিছে। আৰক্ষীয়ে যদি নিৰাপত্তাৰ দিশটো অধিক কটকটীয়া কৰিলেহেতেন পৰিস্থিতি ইমান অপ্ৰীতিকৰ নহলহেতেন বুলিও আন একাংশই জানিবলৈ দিয়ে। এই ঘটনা সন্দৰ্ভত গায়ক গৰাকীয়ে আজি স্থানীয় চাংসাৰি থানাত এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিতে বাতৰি লিখা সময়লৈ ভুৱা লম্পট মেনেজাৰ গৰাকীক আটক কৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close