অসমশীৰ্ষ

বাদুংদুপ্পা নাট্যগোষ্ঠীৰ গুৰি ধৰোতা বিশিষ্ট নাট্যকাৰ আন্তৰাষ্ট্ৰীয় নাট পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ বিয়োগ। ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন

ৰামপুৰৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী প্ৰথম খবৰ: বাদুংদুপ্পা নাট্যক্ষেত্ৰৰ গুৰিধৰোতা নাট্যকৰ্মী,আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নাট পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ বিয়োগত গোৱালপাৰা জিলাখনৰ লগতে সমগ্ৰ অসমত শোকৰ ছাঁ পৰিছে। যোৱানিশা ৮জুন তাৰিখে ৰাভাই উচ্চ ৰক্তচাপ জনিত কাৰনত নিজৰ ঘৰৰ বাথৰুমত মুৰ ঘুৰাই পৰি যোৱাত তেওঁক লগেলগে পৰিয়ালৰ মানুহে গোৱালপাৰা চলেছ হাস্পাতালত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ১৯৭৭ চনৰ ১০ এপ্ৰিলত গোৱালপাৰা জিলাৰ ৰামপুৰ গাওঁত জন্মগ্ৰহণ কৰা শুক্ৰাচাৰ্য ৰাভাই নাট ৰচনা আৰু পৰিচালনাৰে বিশ্বজুৰি খ্যাতি লাভ কৰিছিল। শুক্ৰাচাৰ্য ৰাভাই পদ্মশ্ৰী কানাহাইলালৰ অধীনত নাট্য শিক্ষা গ্ৰহণ কৰি কানাহাইলালৰ “Nature Lore” ৰ আৰ্হিত ৰামপুৰ গাওঁত প্ৰতিষ্ঠা কৰিছিল বাদুংদুপ্পা কলাকেন্দ্ৰ। Under the Sal tree নামেৰে ব্যতিক্ৰমী ধৰনে প্ৰাকৃতিক পৰিবেশত শালগছৰ তলত নাট মঞ্চস্থ কৰি People’s theatre অসমৰ নাট্যচৰ্চাক বিশ্ববাসীৰ মাজত চিনাকী কৰাই দিছিল। শালনীৰ মাজতেই তেও ১২ খনকৈ নাট ৰচনা কৰাৰ উপৰিও প্ৰাকৃতিক পৰিবেশৰ মাজত টিখৰ, চাংকৈ,ৰূপালীম, হাতী আৰু ফন্দী নাট মঞ্চস্থ কৰিছিল। ভাৰতৰ বিভিন্ন প্ৰদেশৰ কেইবাটাও ভাষাৰ অপেছাদাৰী নাট আৰু বিদেশী ভাষাৰ কেবাটাও নাট্যগোষ্ঠীৰ নাট প্ৰদৰ্শনেৰে আন্তৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুস্থিত কৰিছিল এই কলাক্ষেত্ৰতেই। ২০০৯ চনত বিছমিল্লাহ খান সংগীত নাটক একাডেমী যুব বটাঁ লাভ কৰিবলৈ সক্ষম হৈছিল শুক্ৰাচৰ্য ৰাভাই। আজি দুপৰীয়া তেওঁৰ মৃতদেহ নিজগৃহ আহি পোৱাৰ লগে লগে জনপ্ৰিয় নাট্যকৰ্মী গৰাকীক হেৰুৱাই গাওঁবাসীয়ে ৰাউচিজুৰি কান্দিচিল। সহস্ৰাধিক ৰাইজৰ উপস্থিতিত সম্পুৰ্ণ ৰাজ্যিক মৰ্যদাৰে ৰাভাৰ মৃতদেহ সৎকাৰ কৰাহয়। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা,দুধনৈ সমষ্টিৰ বিধায়ক দিপক ৰাভা ,সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি দিপাংক নাথ, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক দ্বয় ক্ৰমে ৰমেন সিং ৰাভা ,নৃপেন খাণ্ডা ,বিভিন্ন ছাত্ৰ সংগঠন, ৰাভা জাতীয় সংগঠন,বিভিন্ন চৰকাৰী বিষয়া বৰ্গ,আপকু গোৱালপাৰা জিলা সমিতি ,জিলা নাট্য সন্মিলন জিলা সাহিত্য সভাৰ প্ৰতিনিধি বৰ্গ ,শিল্পী সাহিত্যিতক উপস্থিত থাকি শিল্পী গৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। শুক্ৰাচাৰ্য ৰাভাৰ মৃত্যু ভাৰতীয় নাট্য জগতৰ অপুৰণীয় ক্ষতি।

Related Articles

Leave a Reply

Close