অসম

বিৰিণা গোষ্ঠী, অসমৰ বাৰ্ষিক আলোচনী ‘বিৰিণাৰ পাত’ উন্মোচন  বিশ্ব পৰিবেশ দিৱস পালন 

 

প্ৰথম খবৰ চেঙা: সাহিত্য-সংস্কৃতি হৈছে জাতি এটাৰ পৰিচয়। সাহিত্য -সাংস্কৃতিক অনুষ্ঠান সমূহে  জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সবল ভূমিকা ল’ব লাগিব।  ‘ৰাজ্যখনৰ এটি অগ্ৰণী সাহিত্য -সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী , অসমৰ দ্বাৰা প্ৰকাশিত সম্পূৰ্ণ বিহু বিষয়ক বাৰ্ষিক আলোচনী “বিৰিণাৰ পাত ” উন্মোচন কৰি  এই মন্তব্য কৰে  নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই। বিৰিণা গোষ্ঠী, অসমৰ উদ্যোগত আৰু দৌলাশাল হাইস্কুলৰ সহযোগত দৌলাশাল হাইস্কুলত  আজি দিনযোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন আৰু গ্ৰন্থ উন্মোচন  শীৰ্ষক এটি মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। আৰক্ষী অধীক্ষক গৰাকীক  বিৰিণা গোষ্ঠীয়ে এখন শৰাই , এটি জাপি ,গামোচা ,  গছপুলি আৰু গোষ্ঠীটোৰ দ্বাৰা প্ৰকাশিত এটি কিতাপৰ  টোপোলাৰে বিশেষভাৱে  সম্বৰ্ধনা জনায়। আজিৰ অনুষ্ঠানতে নলবাৰী জিলাৰ অতিৰিক্ত  আৰক্ষী অধীক্ষক ৰবীন কুমাৰকো বিশেষ সম্বৰ্ধনা জনায়। দৌলাশাল উন্নতি সাধিনী সভাইও আৰক্ষী বিষয়া দুগৰাকীক সম্বৰ্ধনা জনায়। বিগত বছৰবোৰৰ দৰে এইবেলিও গোষ্ঠীটোৱে বিশ্ব পৰিবেশ দিৱস উপলক্ষে আজি  দুশ গছ পুলি ৰোপণ আৰু বিতৰণ কৰে। বিশ্ব পৰিবেশৰ লগত সংগতি ৰাখি  গোষ্ঠীটোৰ বিহু বিষয়ক বাৰ্ষিক আলোচনী “বিৰিণাৰ পাত”ৰ চতুৰ্থ বছৰৰ সংখ্যাটি  উন্মোচন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত পৰিৱেশ পৰিষ্কৰণ অভিযান সমাপনৰ পিছতে বিৰিণা গোষ্ঠী , অসমৰ পতাকা উত্তোলন কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে দৌলাশাল হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতাই। গছপুলি বিতৰণ কৰে গোষ্ঠীটোৰ সহকাৰী সম্পাদক চিন্ময় ডেকা , বনজিৎ বৈশ্য আৰু সদস্য মনজিৎ বৰ্মনে। এঘাৰ বজাৰ পৰা মুকলি সভা আৰম্ভ হয়। বিৰিণা গোষ্ঠী, অসমৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে আৰু আদৰণি ভাষণ ৰাখে প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতাই। বিৰিণা গোষ্ঠীৰ বিশেষ প্ৰতিনিধি বাবুল বণিক্যই আঁত ধৰা মুকলি সভাত বন্তি প্ৰজ্বলন কৰে সদৌ অসম সাংবাদিক সন্থাৰ  সম্পাদক নকুল তালুকদাৰে।

বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত তালুকদাৰে ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ হিতৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ পৰিৱেশ দিৱস উপলক্ষে প্ৰখৰ ৰ’দতো বিতৰণ কৰা গছপুলিবোৰৰ  অধিক সংখ্যককে  হত্যা কৰা হ’ল বুলি আক্ষেপ কৰে। একাংশই কেৱল ফেচবুকত , হুৱাটচ এপ আদি ছ’চিয়েল মিডিয়াত  আপডেট দিয়াৰ বাবেই  গছপুলি ৰোপণ কৰি পুলিবোৰক হত্যা কৰা বুলিও আক্ষেপ কৰে আৰু  গছপুলিবোৰক আলাই- অথানি নকৰি তাক জীয়াই ৰাখিবলৈ যত্ন কৰিবলৈ আহ্বান জনায়। মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰপেটা জিলাৰ এছ আৰ ফাউণ্ডেছনৰ অধ্যক্ষ তথা সমাজ কৰ্মী ৰবিউল হুছেইন , ষ্টেট বেংকৰ অৱসৰ প্ৰাপ্ত বিষয়া তথা লেখক-অনুবাদক প্ৰশান্ত কুমাৰ গোস্বামী আৰু বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি খনীন্দ্ৰ পাঠকে পৰিৱেশ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। “বিৰিণাৰ পাত” উন্মোচনী অনুষ্ঠানটোক অতি ৰসাল আৰু মনোগ্ৰাহী কৰি তোলে চুমি ঠাকুৰীয়াৰ নেতৃত্বত পৰিবেশন কৰা স্থানীয় বিহু দল এটিৰ জেং বিহুই। মনজিৎ বৰ্মন , খঞ্জনজ্যোতি পাঠক , অঞ্জন বৰ্মন , পদ্মধৰ দাস ,ললিতা দাসৰ কবিতা পাঠৰ লগতে  স্থানীয় শিল্পী অৰূপ নাথৰ সংগীতে অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে। আজিৰ অনুষ্ঠানটোৰ প্ৰাৰম্ভতে   সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি প্ৰদীপ দাস উপস্থিত হৈ  শুভেচ্ছা মূলক বক্তব্যৰে বিৰিণা গোষ্ঠী , অসমৰ লগতে দৌলাশাল হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী , ছাত্ৰ -ছাত্ৰীক উৎসাহিত কৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাত দৌলাশাল হাইস্কুলৰ ছাত্ৰ ক্ৰমে পল্লৱ বৰুৱা, হৃতিকেশ বৈশ্য , ছাত্ৰী পৰী বৈশ্যই প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। মুকলি সভাত বিহগী মিডিয়া গ্ৰুপ অসমৰ সঞ্চালক কনক কলিতা , মুখ্য সম্পাদক দিলীপ বৰ্মন , গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক ছাহনুৰ আলী, চেঙা উদীয়মান যুৱ সংঘৰ সভাপতি  মইদুল ইছলাম , দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক ফুকন নাথ , দৌলাশাল উদীয়মান যুৱ পৰিষদৰ সদস্য বৃন্দ , জ্যেষ্ঠ নাগৰিক নৰেন্দ্ৰ নাথ ঠাকুৰীয়া , জনাৰ্দন বৰ্মন , বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী বৃন্দকে ধৰি ভালেসংখ্যক বিশিষ্টলোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close