শীৰ্ষৰাষ্ট্ৰীয়

ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিকেইজন

নেচনেল ডেস্ক, প্ৰথম খবৰ: বিভিন্ন জাতি-জনগোষ্ঠীৰে সমৃদ্ধ এখন দেশ হৈছে ভাৰত। ইয়াত দুখীয়াৰ সমান্তৰালকৈ আছে আটাইতকৈ ধনী ব্যক্তিও। ধনী ব্যক্তিসকলৰ চখও আকৌ বেলেগ। ইয়াৰে যদি কোনোবাই জাপানত নিৰ্মিত ব্ৰেণ্ড ব্যৱহাৰ কৰে আন কোনোবাই আকৌ ব্যৱহাৰ কৰে আমেৰিকাত নিৰ্মিত ব্ৰেণ্ড। এই তালিকাত আছে প্ৰায় ১১ জন সমৃদ্ধ কোটিপতিৰ নাম। য’ত শীৰ্ষস্থান দখল কৰিছে মুকেশ আম্বানীয়ে। এই কোটিপতিসকলৰ লগত প্ৰায় ৩৯২ আৰৱ ডলাৰৰ সম্পত্তি আছে। ইয়াত আম্বানীয়ে প্ৰথম স্থানত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে এইচ পি হিন্দুজা। তালিকাৰ তৃতীয় স্থানত আছে দিলীপ চাংভী। চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে পল্লোনজী মিস্ত্ৰীৰ লগতে লক্ষ্মীনিবাচ মিট্টাল। ষষ্ঠ স্থানত আছে শিৱ নাদৰ। তালিকাৰ সপ্তম স্থানত আছে চাইৰাছ পুনাৱালা। অষ্ঠম আৰু নৱম স্থানত আছে ক্ৰমে আজিম প্ৰেমজীৰ লগতে উদয় কোটক। তালিকাৰ অন্তিম দশম আৰু এঘাৰ স্থানত আছে ক্ৰমে ডেভিদ ৰৱেন তথা চাইমন ৰৱেন। উল্লেখ্য যে এওঁলোকৰ প্ৰায়ভাগেই হৈছে উদ্যোগপতি।

Related Articles

Leave a Reply

Close