
পুনম নাথ
মই যাওঁদে মা …
দেউতা অ পাহাৰে মোক ৰিঙিয়াই মাতে
ভালপাওঁ সেউজীয়াবোৰ..
আকাশখন বৰ ওচৰৰ পৰা দেখো অ …
যেন হাততে ঢুকি পাওঁ…
মই যাওঁগৈ দে মা..
দেউতা অ…
তহঁতক এৰিবলৈ অকণো মন যোৱা নাই
কিন্তু ইহঁত পিশাচ কেইটাই
মোক জীয়াবলৈয়ে নিদিলে নহয়…
বৰকৈ বিনালো অ
আমি অসমীয়া
দুজনে অসমীয়া
তহঁতৰ নামবোৰো চিঞৰি চিঞৰি ক’লো
নাই নুশুনিলে….
ভাবিছিলো গগনাতো বজাই দিওঁ…
চিনাকি বিহুগীতৰ কলি এটি গুনগুনাই দিওঁ
নাহ নোৱাৰিলোঁ
সিহঁতৰ কোবত মোৰ ওঁঠ ফাটি গৈছিল..
হাতত তেজে কৰাল মাৰিছিল
বান্ধি থোৱা আছিল নহয় আমাৰ হাত..
বৰ অবশ হৈ আছিলোঁ অ মা মই
বৰকৈ চিঞৰিলোঁ
মই অসমীয়া মই অসমীয়া
নাহ নুশুনিলে…
নুবুজিলেও..
দেউতা তই ঠিকেই কৈছিলি অ
মানুহবোৰ অমানুহ..
আজিৰ মানুহবোৰ সহজ নহয়….
মই ভবাৰ দৰেই নহয়…
দেউতা
ডকমকা পানজুৰি গাওঁখন
আমি ভবাৰ দৰে নহ’ল অ…
প্ৰকৃতিৰ ৰাণী কাৰ্বি আংলঙত সেউজীয়া নাথাকে
পাহাৰৰ পৰা
জিৰি জিৰি কৈ নামি অহা কাংথিলাছ জলপ্ৰপাতত
সৌন্দৰ্য্য নাথাকে…
তই যে সৰুতে দৈত্য দানৱৰ সাধুকথা শুনাইছিলি..
তাত সেইবোৰেহে থাকে দেউতা..
মা অ
মোৰ যোৱাৰ সময় হ’ল..
ভগৱানক মিনতি কৰিলো শেষবাৰৰ বাবে ..
পিশাচবোৰৰ সমুখত ইশ্বৰে চাগে হাৰ মানিলে মা..
শুনচোন
মই যাওঁগৈ দে
আৰু নোৱাৰোঁ একো ক’বলৈ
ইহঁতকেইটাৰ কোবত মই এতিয়া বৰ ক্লান্ত ও
শুই দিওঁ দে চিৰকাললৈ
দুখ নকৰিবি কিন্তু কেতিয়াওঁ মোৰ বাবে
অচিন দেশলৈ হে যাম
তহঁতেতো
জানাইচোন মই ফুৰি
বৰ ভাল পাওঁ…..
মই যাওঁগৈ দে….
(যোগাযোগ – 8399943228)