অসম
লাডেনৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী মহিলা

দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী,প্ৰথম খবৰ: দীৰ্ঘদিন ধৰি গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাতে ভয়ানক ৰূপ ধাৰণ কৰি থকাৰ সময়তে আজি ৰাতিপুৱা প্ৰায় ৪-৩০ বজাত লাডেন নামৰ হাতীটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় কুসুম ৰাভা নামৰ এগৰাকী মহিলা। ধনুভাঙা গণেশজুলি গাঁৱৰ কুসুম ৰাভা নামৰ মহিলা গৰাকীয়ে ৰাতিপুৱা প্ৰাত:ভ্ৰমণৰ বাবে ঘৰৰ পৰা ওলাই যোৱাৰ কিছু সময় পিছতে লাডেন নামৰ বন্য হাতীটোৰ মুখামুখি হয়। হাতীটোৱে লগে লগে কুসুম ৰাভাক সুৰেৰে ধৰি এচাৰি দি ভৰিৰে গছকি ধৰে। কুসুম ৰাভাই দৈৱক্ৰমে ৰক্ষা পৰে যদিও ইতিমধ্যে গুৰুতৰভাৱে আহত কুসুমক ১০৮ এম্বুলেঞ্চেৰে ততাতৈয়াকৈ ধুপধৰা বিকালী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয়। ইতিমধ্যে ৩৫ জন লোকক আক্ৰমণ কৰি নিহত কৰা এই লাডেন নামৰ বনৰীয়া প্ৰকাণ্ড হাতীটোৰ গতিবিধি লক্ষ্য কৰিবলৈ তেজপুৰৰ পৰা এদল হস্তী বিশেষজ্ঞ আহিছে।