অসম

ৰঙাগড়া মৰঙীয়ালত ধৰ্ষণ আৰু হত্যাকাৰীক দৃষ্টান্তমুলক শাস্তিৰ দাবীত অৰ্ধ উলংগ প্ৰতিবাদ

প্ৰথম খবৰ,খুমটাই: বোকাখাতৰ মাজমজিয়াত এমাহৰ ভিতৰতে তিনিগৰাকীকৈ শ্ৰমজীৱি মহিলাক ধৰ্ষণ তথা যৌন নিৰ্যাতন চলাই লোমহৰ্ষক হত্যা কৰা দুবৃত্তক আজি পৰ্য্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰাত আজি বনগাঁও ৰঙাগড়া মৰঙীয়ালত জীপাল কৃষক শ্ৰমিক সংঘ, টি এম পিকে, এম এম কে ধৰি কেইবাটাও স্থানীয় সংগঠনৰ যৌথ উদ্যোগত আজি অৰ্ধ উলংগ প্ৰতিবাদ আৰু গন ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ।

কেইদিনমানৰ পূৰ্বে
ধুবাআটি গাঁৱৰ মাইতী পেগুক ধৰ্ষণ কৰি হত্যা কৰিছিল। ইয়াৰ প্ৰতিবাদত বোকাখাতত জীপাল কৃষক শ্ৰমিক সংঘ সংগঠনৰ নেতৃত্বত টি এম পিকে আৰু এম এম কেৰ সহযোগত বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। উক্ত প্ৰতিবাদত স্থলীত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ ৭ দিনৰ সময় বিছাৰিছিল দোষীক কৰায়ত্ব কৰিবলৈ। আজি ১১ দিন পাৰ হৈ যোৱাৰ পাছতো কোনো লোককে আটক কৰিব নোৱাৰাৰ বাবে টি এম পি কেৰ আহ্বানত মিচিং জনগোষ্ঠীৰ বিভিন্ন সংগঠনে ৰঙাগড়াৰ মৰঙীয়াল তিনি আলিত গন ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । সমদলটোত দুই শতাধিক মহিলা আৰু পুৰুষে অংশগ্ৰহন কৰি আৰক্ষীৰ প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত্য কৰে । উল্লেখ্য যে আজি প্ৰতিবাদস্থলীত মাইতি পেগুৰ দুই কনমানি সন্তান উপস্থিত হৈ আমাৰ মাৰ হত্যাকাৰীক চিনাক্ত কৰক , মাৰ হত্যাকাৰীক ফাঁচী দিয়ক , আমাক ন্যায় প্ৰদান কৰক, বোকাখাত পুলিচ হুচিয়াৰ, অসম চৰকাৰ হায় হায় , আদি শ্ল’গান দি প্ৰতিবাদস্থলীত অন্য এক পৰিবেশে বিৰাজ কৰে। দুই কনমানি এই আহ্বানত উপস্থিত সকলোৱে হৃদয় চুই যায়।

Related Articles

Leave a Reply

Close