অসম

ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ

প্ৰথম খবৰ,ৰঙিয়া: নামনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ তথা ব্যস্ত ৰেল জংচন ৰঙিয়া ৰে’ল ষ্টেচনত চি চি কেমেৰা স্থাপন নকৰাৰ সুযোগ লৈ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে দুস্কৃতিকাৰীৰ টিঘলঘিলনি। ফলত ৰে’ল আৰক্ষী,ৰে’লৱে সুৰক্ষা বল,ৰে’লৱে সুৰক্ষা বিশেষ বাহিনীৰ উপৰিও ৰেলৱে কৰ্মী সকলে ষ্টেচন চৌহদত গিজগিজাই থকাৰ পিছতো ৰঙিয়া ৰে’ল ষ্টেচন বিভিন্ন অবৈধ সামগ্ৰীৰ লগতে মানৱ সৰবৰাহৰ ঘাটিত পৰিণত হৈছে। আজি পুনৰ প্ৰায় ১০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ হোৱাত এই কথা পুনৰ বাৰ প্ৰমাণিত হয়। ৰঙিয়া ৰে’লৱে সুৰক্ষা বলৰ ডি কে বড়ো আৰু জে এছ কলিতাৰ নেতৃত্বত এটা দলে আজি ৰঙিয়া ৰেল ষ্টেচনৰ ২ নং আৰু ৩নং প্লেটফৰ্মত ৰুটিন তালাচী চলোৱাৰ সময়ত দুটা পৰিত্যক্ত বেগ উদ্ধাৰ কৰে। প্লেটফৰ্মৰ উপৰত থকা পদ পুলৰ তলত গৰাকী বিহীনভাৱে পৰি থকা অৱস্থাত উদ্ধাৰ কৰা বেগ দুটাৰ পৰা প্লাষ্টিকেৰে মেৰিওৱা অৱস্থাত প্ৰায় ১০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে। এই গাঞ্জাখিনিৰ বজাৰ মূল্য এক লাখ টকাৰো অধিক হব বুলি অনুমান কৰা হৈছে। আৰক্ষীয়ে বেগৰ গৰাকীৰ বিৰুদ্ধে অভিযান চলায় যদিও কাকোৱেই আটক কৰিবলৈ সক্ষম হোৱা নাই।

Related Articles

Leave a Reply

Close