অসম

নলবাৰীৰ হাটখোলা পুখুৰীৰ সংৰক্ষণৰ দাবী উপায়ুক্তক আছুৰ স্মাৰক পত্ৰ প্ৰদান

 

প্ৰথম খবৰ ,নলবাৰী: নলবাৰী আঞ্চলিক ছাত্র সন্থাইও আজি জিলা উপায়ুক্তক এক সুকীয়া স্মাৰক পত্ৰত নলবাৰী চহৰৰ হাটখোলা পুখুৰীতোৰ সংৰক্ষণৰ দিহা কৰাৰ বাবে দাবী জনাইছে। আঞ্চলিক ছাত্র সন্থাৰ সভাপতি ৰুবুল বৰ্মণ আৰু সাধাৰণ সম্পাদক নীলকমল বৰ্মনে স্বাক্ষৰ কৰা স্মাৰক পত্ৰত নলবাৰী হাটখোলা পুখুৰীক সৌন্দৰ্য বৰ্ধন, চাফ চিকুন তথা আধুনীকিকৰণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিবলৈ দাবী জনায়। সন্থাই উপায়ুক্তক জানিবলৈ দিয়া মতে অসমৰ মাধ্যম আন্দোলনৰ কৰ্ণধাৰ প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ নামেৰে হাটখোলা পুখুৰীৰ পাৰত থকা স্মৃতি উদ্যানখনো ধ্বংস কৰাৰ বাবে ষড়যন্ত্ৰ কৰা হৈছে। উল্লেখযোগ্য যে নলবাৰী পৌৰসভাৰ পৌৰপতি তথা সদস্য সকলে উক্ত স্থানত ২০১৭-১৮ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগে মুকলি কৰি দিয়া ধনেৰে মাৰ্কেট কমপ্লেক্স নিৰ্মাণ কৰিব বিচাৰিছে।

Related Articles

Leave a Reply

Close