অসমশীৰ্ষ

বিশ্বনাথৰ ৰাজপথত গৰুগাড়ী লৈ প্ৰতিবাদ কংগ্ৰেছৰ

কংগ্ৰেছৰ ব্যতিক্ৰমী প্ৰতিবাদ: পেট্ৰ'ল, ডিজেলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্য বৃদ্ধিৰ প্ৰতিবাদ

বিহালীৰপৰা অম্লান কাশ্যপ চাহাৰ প্ৰতিবেদন‌, প্ৰথম খবৰ: আজি ৰিপুন বৰাৰ নেতৃত্বত বিশ্বনাথ চাৰিআলিত কংগ্ৰেছৰ বিশ্বাসঘাতকতা দিবস উদযাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত পেট্ৰোল ডিজেলকে ধৰি অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি , ভাৰতবৰ্ষৰ খেতিয়কক নিম্নতম সামৰ্থ মূল্য প্ৰদান নকৰা আৰু ফলস্বৰূপে প্ৰত্যেক চৌব্বিশ ঘণ্টাত পইত্ৰিছ জন কৃষকে আত্মহত্যা কৰি আছে, প্ৰত্যেক বছৰত দুই কোটি লোকক কৰ্মসংস্থাপনৰ মিছা প্ৰতিশ্ৰুতি দি চাৰি বছৰত মাত্ৰ চাৰি লাখ ষোল্ল হাজাৰ লোককহে কৰ্মসংস্থাপন দিয়া, বিদেশৰ পৰা কলা ধন ঘূৰাই আনি প্ৰত্যেকজন ভাৰতীয়ক পোন্ধৰ লাখকৈ টকা দিয়াৰ মিছা প্ৰতিশ্ৰুতি দিয়া , দুৰ্নীতি ৰোধ কৰিম বুলি প্ৰতিশ্ৰুতি দি নীৰৱ মোডীক দেশৰ বেংকৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাত সহায় কৰা,চৰকাৰৰ নীতিৰ দ্বাৰা দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি সংকত নমাই অনা,মহিলা আৰু শিশুৰ ওপৰত যৌন নিৰ্যাতন বৃদ্ধি পোৱা,ধাৰ্মিক অসহিষ্ণুতা বৃদ্ধি পোৱা ইত্যাদি আৰু চৰকাৰৰ সকলো দিশত ব্যৰ্থতাৰ ফলস্বৰুপে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত আৰু বিশ্বনাথ জিলা কংগ্ৰেছৰ সৌজন্যত গৰু গাড়ীক প্ৰতীকী হিচাপে লৈ বিশ্বাসঘাতকতা দিৱস হিচাবে পালন কৰি এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিনৰ ১১ বজাত আৰম্ভ হোৱা এই কাৰ্যসূচী বিশ্বনাথ জিলা কংগ্ৰেছৰ কাৰ্যলয়ৰ পৰা আৰম্ভ হৈ চহৰৰ মাজেদি গৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আৰু অসমৰ ৰাজ্যপাললৈ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰা হয়। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ব্ৰজেন সন্দিকৈ, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক প্ৰেমলাল গঞ্জু , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আনোৱাৰ আহমেদ উত্তৰ অসম সংখ্যালঘূ কোষৰ উপসভাপতি ফৰহাদ আহমেদ,বিশ্বনাথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ তুষাৰ বৰা, বিশ্বনাথ জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ সভাপতি আহমেদ আলি বিশ্বনাথ জিলা কংগ্ৰেছৰ উপসভাপতি নিত্য নাৰ্জাৰীকে আদি কৰি বিশ্বনাথ জিলাৰ তিনিওটা বিধানসভা সমষ্টিৰ পৰা অহা ব্লক আৰু মণ্ডল পৰ্যায়ৰ কৰ্মী সকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Related Articles

Leave a Reply

Close