অসম

অসম আন্দোলনৰ নেতা হিতেশ ডেকাৰ মৃত্যু:চেঙা আছুৰ গভীৰ শোক প্ৰকাশ

প্ৰথম খবৰ,চেঙা:অসম আন্দোলনৰ অগ্ৰণী নেতা হিতেশ ডেকাৰ আজি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ পৰলোক প্ৰাপ্তি ঘটে। বৰপেটা জিলাৰ চেঙা নিবাসী হিতেশ ডেকা ঐতিহাসিক অসম আন্দোলনৰ সৈতে আৰম্ভণিৰ পৰাই ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল। বিদেশী বহিস্কাৰ আন্দোলনৰ দাৱানলে সমগ্ৰ অসমৰ লগতে বৰপেটা জিলাতো ছানি ধৰাত,সেই সময়ৰ স্বেচ্ছাসেৱক বাহিনীৰ অধ্যক্ষৰ দায়িত্ব বহন কৰি প্ৰয়াত হিতেশ ডেকাই বৰপেটাৰ বিভিন্ন অঞ্চলত আন্দোলনটোক নতুন গতি দিয়াবলৈ সক্ষম হৈছিল। উল্লেখ্য যে কিছু বছৰ ধৰি প্ৰয়াত ডেকা মধুমেহ ৰোগত আক্ৰান্ত হৈ থকাৰ মাজতে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীস্থিত এপল’ হস্পিতালত চিকিৎসাধীন হৈ আছিল। ৫৮ বৰ্ষীয় ডেকাৰ আজি পুৱা ছয় মান বজাত চিকিৎসাৰত অৱস্থাতে মৃত্যু ঘটে।নিৰ্জু প্ৰকৃতিৰ হিতেশ ডেকাৰ মৃত্যুত চেঙা অঞ্চলত শোকৰ ছাঁ পৰিছে। ইফালে সুদক্ষ ছাত্ৰ নেতা তথা চেঙা অঞ্চলৰ এসময়ৰ যুৱ সংগঠক হিতেশ ডেকাৰ মৃত্যুত চেঙা আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰি শ্বহীদ বেদীৰ প্ৰাংগনত তেওঁৰ নশ্বৰ দেহত পুস্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জনাই আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। চেঙা ঐক্য যুৱক ক্লাৱৰ প্ৰতিষ্ঠাপক সভ্য হিতেশ ডেকাৰ মৃত্যুত চেঙা ঐক্য যুৱক ক্লাৱ,চেঙা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি,চেঙা শাখা সাহিত্য সভা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চেঙা আঞ্চলিক সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে ।

Related Articles

Leave a Reply

Close