অসম

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত মাতৃ ভাৰতীৰ উদ্যোগত “মাতৃ সন্মিলন” সম্পন্ন

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীস্থিত শংকৰদেৱ শিশু নিকেতনত আজি মাতৃ ভাৰতীৰ উদ্যোগত মাতৃ সন্মিলনৰ সফলভাৱে সম্পন্ন হয়৷ ৰবিবাৰে শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগনত মাতৃ ভাৰতীয়ে মাতৃসকলৰ মাজত মহিলা সবলীকৰণ তথা নিজ নিজ অন্তৰ্নিহিত সৃষ্টিশীলতা বিকাশৰ উদ্দেশ্য আগত ৰাখি মাতৃ সন্মিলনৰ আয়োজন কৰা হৈছিল৷ এইবাৰৰ মাতৃ সন্মিলনত অঞ্চলটোৰ প্ৰায় চাৰি শতাধিক মাতৃয়ে অংশ গ্ৰহণ কৰে৷ আজি মাতৃসন্মিলনীৰ সভানেতৃত্ব কৰে “মাতৃগোট”ৰ সভানেত্রী দিপালী হাজৰিকাই আৰু সভাখনৰ আঁত ধৰে মাতৃ ভাৰতীৰ সম্পাদিকা বৰ্ণালী শৰ্মাই৷ আজিৰ সন্মিলনীত মাতৃসকলৰ মাজত কুইজ,আবৃত্তি,সৰস্বতী বন্দনা পাঠ,হস্তকলা,পিঠাপনা বনোৱা আদিকে ধৰি বিভিন্ন আকৰ্ষণীয় প্ৰতিযোগিতাৰ আয়োজন হয়৷ ৰাতিপুৱা বন্তি প্ৰজ্জ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যৱহাৰিক বিভাগৰ অধ্যাপিকা ড° সুনন্দা নায়কে৷ ইয়াৰ পিছতে প্ৰতিযোগিতামূলক প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে গুৱাহাটী আই আই টিৰ গণিত বিভাগৰ অধ্যাপক ড° সুকান্ত পটিয়ে৷ আজি অনুষ্ঠিত সন্মিলনীত ছাত্ৰ -ছাত্রীৰ লগতে পঢ়া-শুনাত মাকজনীৰ উপৰিও শিক্ষক-শিক্ষয়িত্রীৰ যি গধূৰ দায়িত্ব, তাৰ ওপৰত বিতং ভাবে আলোচনা কৰা হয়। দুপৰীয়া ১২ বজাত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শিশু অধিকাৰ আৰু সুৰক্ষা আয়োগ,অসমৰ অধ্যক্ষা ড° সুনীতা চাংকাকতিয়ে৷ অধ্যক্ষা গৰাকীয়ে নিজৰ ভাষণত সন্তানে গৰ্ভতে কিছুমান অধিকাৰ লাভ কৰে আৰু এই অধিকাৰৰ সুৰক্ষা দিয়াৰ দায়িত্ব পিতৃমাতৃ আৰু সমাজৰ বুলি উল্লেখ কৰে৷ কিয়নো আমি নজনাকৈ কণ্যা সন্তান ঘৰতে নিৰ্য্যাতিত হয়, সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ “বেটী বচ্চাও” কাৰ্যসূচীত সহযোগ কৰিব লাগে৷ তেওঁ শিশু আৰু মহিলাৰ বাবে থকা হেল্পলাইন নম্বৰবোৰ ব্যবহাৰ কৰি কৰ্তৃপক্ষক অৱগত কৰিব কোৱাৰ লগতে পৃথিৱীৰ প্ৰতিগৰাকী সন্তানকে নিজৰ সন্তান বুলি ধৰিবলৈ কয়৷ সভাত উপস্থিত থাকি অসম চৰকাৰৰ মহিলা আয়োগৰ অধ্যক্ষা কৃষ্ণা দাস বৰ্মনে মহিলা সৱলীকৰণৰ বিভিন্ন আচনিৰ বিষয়ে ৰাইজক অৱগত কৰে। অনুষ্ঠানত বিচাৰক হিচাপে ভাগ লোৱা মালসী চৌধুৰী আৰু বিণা লেখাৰুয়ে সন্তানৰ বিকাশত মাতৃৰ দায়িত্বৰ ওপৰত জোৰ দিয়ে। সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বিদ্যাভাৰতীৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংগঠনিক মন্ত্রী ব্রহ্মাজী ৰাৱে নিজৰ ভাষণত ভাৰতৰ ঐতিহ্যমণ্ডিত সংস্কৃতিৰ ওপৰত আধাৰিত আৰু মানৱীয় মূল্যবোধৰ ব্যৱহাৰিক দিশটোত গুৰুত্ব দি আগবঢ়া বিদ্যাভাৰতীৰ অন্তৰ্গত,শিশু শিক্ষা সমিতি,অসমৰ কাৰ্যাৱলীৰ বিৱৰণ দিয়ে।

Related Articles

Leave a Reply

Close