
শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: বিশ্ব যোগ দিৱসৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ এচিয়া কাপ যোগা ফেডাৰেচনৰ বাবেও সাজু হৈছে অসমৰ শিৱসাগৰ জিলাৰ নাজিৰাস্থিত আস্থা বৰাই ৷ উল্লেখ্য যে বিভিন্ন কঠিন ভংগীমাৰে ২০১৭ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত সোণৰ পদকেৰে ৰাজ্যৰ ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা শিৱসাগৰ জিলাৰ চুনপোৰাৰ সপ্তম শ্ৰেণীত অধ্যয়ণৰত অংকুৰ বৰা আৰু মঞ্জুলা বৰাৰ কন্যা আস্থা বৰা সৰুৰে পৰাই যোগাসনত মনোনিবেশ কৰি আহিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহু পদক অৰ্জন কৰাৰ লগতে ২০১৭ চনৰ নৱেম্বৰ মাহত কৰ্ণাটকত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি তিনিটা শাখাত ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইতিমধ্যে পঞ্জাৱ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, হায়দৰাবাদ আৰু দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত আস্থাই যোগাসন প্ৰদৰ্শন কৰি আহিছে আৰু বৰ্তমানেও দিনে নিশাই অনুশীলনত ব্যস্ত হৈ আছে।