অসমশীৰ্ষ

কৃষ্ণাইৰ বেকীপুলত শোকাৱহ পথ দুৰ্ঘটনা

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ বেকীপুলত বুধবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় ৪ জনকৈ লোক৷ উল্লেখ্য যে, কৃষ্ণাইৰ পৰা দুধনৈ অভিমুখে আহি থকা AS-25-DC-2556 নম্বৰৰ এখন টাটা এচিই বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা দ খাৱৈত বাগৰি পৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত কৃষ্ণাই আৰক্ষী উপস্থিত হয় আৰু নিহত লোকজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰলৈ প্ৰেৰণ কৰাৰ লগতে আহত চাৰিগৰাকী ব্যক্তিক চিকিৎসালয়লৈ ভৰ্তি কৰে৷ এই দুৰ্ঘটনাত নিহত হোৱা ব্যক্তিজনক অভয়াপুৰী বহলপুৰৰ কামালুদ্দিন(২৫) বুলি চিনাক্ত কৰাৰ বিপৰীতে আহত ব্যক্তি সকলক কামাল হুচেইন, লোহিত বড়ো, অকণ দাস আৰু ৰকিবুল ইছলাম বুলি চিনাক্ত কৰা হৈছে৷

Related Articles

Leave a Reply

Close