অসম

চেঙাত ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ অভিনন্দন অনুষ্ঠান

প্ৰথম খবৰ,চেঙা:”শিক্ষাৰ উদ্দেশ্যে হ’ব লাগে নিজকে এজন মানুহ হিচাপে গঢ়ি তোলাৰ। বিষয় শিক্ষাৰ সমান্তৰালকৈ এখন প্ৰগতিশীল সমাজ গঠন প্ৰক্ৰিয়াত ছাত্ৰ-ছাত্ৰীসকলে নিজকে অৰ্পণ কৰিব পৰাকৈ শিক্ষিত হ’ব লাগিব”। আজি চেঙাত ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিৰিণা গোষ্ঠী,অসমৰ সভাপতি তথা সাংবাদিক লীলাধৰ পাঠকে। উল্লেখ্য যে বিগত বছৰবোৰৰ দৰে যোৱা ২০১৭ বৰ্ষতো ৰেডিয়েন্স ফাউণ্ডেশ্যনে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ তিনিমহীয়া পাঠদানৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। ইয়াৰে অংশ হিচাপে আজি ফাউণ্ডেশ্যনৰ উদ্যোগত বিনামূলীয়া পাঠদান গ্ৰহণ কৰি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২২ গৰাকী ছাত্ৰ-ছাত্ৰীক গামোচা,এখন দ্বিভাষিক অভিধান আৰু মানপত্ৰৰে অভিনন্দন জনোৱা হয়। চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানত উপস্থিত থাকি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ ডীন ড° দিব্যজ্যোতি মহন্তই ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰি কয় যে-চেঙা মুছলমান গাঁৱৰ প্ৰগতিশীল চিন্তাধাৰাৰে পৰিপুষ্ট প্ৰয়াত কুতুবউদ্দিন আহমেদৰ পৰিয়ালটোৱে কৰ্মসূত্ৰে ৰাজ্যখনৰ বিভিন্ন স্থানত থকাৰ পাছতো ওপজা গাঁৱখনৰ শৈক্ষিক আৰু সমাজ জীৱনৰ উত্তৰণত বিশেষ ভূমিকা গ্ৰহণ কৰি অঞ্চলটোৰ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা তথা সামাজিক দিশটোত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰি অহাতো সমাজৰ বাবে এক শুভবাৰ্তা। চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° হৰেন্দ্ৰনাথ তালুকদাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে বিষয় এটি জানিবলৈ আৰু বুজিবলৈ মনত ইচ্ছা বা আগ্ৰহ জাগ্ৰত হ’ব লাগিব। তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে ব্যৱহাৰিক শিক্ষাৰ ওপৰতো বহল ব্যাখ্যা দাঙি ধৰে। ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ শৈক্ষিক সমন্বয়ক হাচিব আহমেদে আঁত ধৰা অনুষ্ঠানটোত ফাউণ্ডেশ্যনৰ কাৰ্যপন্থা সম্পৰ্কত বিস্তৃত ব্যাখ্যা দাঙি ধৰে ফাউণ্ডেশ্যনটোৰ মুখ্য ন্যাসৰক্ষী তথা কাৰিকৰী শিক্ষা বিভাগ, অসমৰ যুটীয়া সঞ্চালক ড° নজৰুল হকে। মুখ্য উপদেষ্টা নজমুল হকে ৰেডিয়েন্স ফাউণ্ডেশ্যনৰ অন্তৰ্গত কুতুবউদ্দিন আৰু নুৰুন্নেছা সোঁৱৰণী শিক্ষাকেন্দ্ৰত এপ্ৰিল মাহৰ পৰা জুন মাহলৈ প্ৰাথমিক পৰ্যায়ৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠদান কৰাৰ লগতে জুলাইৰ পৰা ছেপ্তেম্বৰলৈ দশম শ্ৰেণীৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠদান আৰু অক্টোবৰৰ পৰা ডিচেম্বৰলৈ জৱাহৰ নৱোদয় বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ বাবে বিশ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিজ্ঞ শিক্ষকৰ দ্বাৰা বিনামূলীয়াকৈ পাঠদান কৰা হ’ব বুলি ঘোষণা কৰে। সভাপতিৰ ভাষণত জ্যেষ্ঠ শিক্ষক আনোৱাৰ হুছেইনে প্ৰয়াত কুতুবউদ্দিন আহমেদ আৰু নুৰুন্নেছাৰ কৰ্মৰাজি উল্লেখ কৰাৰ লগতে এই সভাৰ জড়িয়তে দুয়োগৰাকী মহান ব্যক্তিলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে ।শলাগৰ শৰাই আগবঢ়ায় ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মফিদা আহমেদে। চেঙা অঞ্চলৰ সুশিক্ষিত শিক্ষাবিদ প্ৰয়াত কুতুবউদ্দিনৰ পৰিয়ালটোৰ এই সমাজসচেতক কৰ্মপন্থাক বিদ্বৎমহলে ভূয়সী প্ৰশংসা কৰে।

Related Articles

Leave a Reply

Close