অসমশীৰ্ষ

ডিমৌত দুৰ্নীতি নিবাৰকৰ অভিযান, গ্ৰেপ্তাৰ স্বাস্থ্যবিষয়া

প্ৰথম খবৰ, ডিমৌ: ৰাজ্যত অব্যাহত আছে দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ অভিযান। শিৱসাগৰৰ ডিমৌতো সোমবাৰে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। এই অভিযানত জালত পৰিল স্বাস্থ্য বিভাগৰ এজন কৰ্মচাৰী। উল্লেখ্য যে শিৱসাগৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ কৰ্মচাৰী বলো বৰগোঁহাইৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ উত্থাপন হোৱাত জালত পৰে কৰ্মচাৰীজন। জানিব পৰা অনুসৰি চৰাইদেউ জিলাৰ সোণাৰীত কৰ্মৰত স্বাস্থ্যকৰ্মী জি এন এম নাৰ্ছ অৰ্চনা পেগুক চাকৰি বদলিৰ প্ৰলোভন দি ধনদাবী কৰিছিল ধৃত বলো বৰগোঁহাইয়ে। ফলত সোমবাৰে বিয়লি শিৱসাগৰ আৰক্ষী আৰু দুৰ্নীতি নিবাৰকৰ এটা বৃহৎ দলৰ তৎপৰতাত ডিমৌৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ধৃত বলো বৰগোঁহাইক। এই অভিযানকালত ধৃত অভিযুক্তগৰাকীৰ পৰা নগদ ৩০ হাজাৰ টকাও জব্দ কৰে অভিযানকাৰী দলটোৱে।

Related Articles

Leave a Reply

Close