অসমশীৰ্ষ

 দুঃসাহসিক ক্ৰীয়াৰে বিশ্বজিনাৰ সপোন দেখা বসন্ত এতিয়া আই চি ইউত, চৰকাৰলৈ সহায় ভীক্ষা যুৱকজনৰ

তেজপুৰৰ পৰা অপুৰ্ব বৰা,প্ৰথম খবৰ: মনত অযুত সপোন ৰচিছিল বসন্ত দাসে। অসীম সাহসেৰে বিভিন্ন অসাধাৰণ কাম সাধন কৰিব বিচাৰি সফলো হৈছিল বসন্ত দাস। বৰলুইতৰ বুকুৰে শদিয়াৰ পৰা ধুবুৰীলৈ সাঁতুৰি অভিলেখ গঢ়াৰ লক্ষ্য আগত ৰাখি বৰ্তমান প্ৰতিদিনে চাৰি-পাঁচ ঘণ্টাকৈ সাঁতোৰৰ অনুশীলনো অব্যাহত ৰাখিছে বিশ্বনাথ জিলাৰ চতিয়াৰ ২৬ বছৰীয়া এই যুৱকজনে। উল্লেখযোগ্য যে বসন্ত দাস দুঃসাহসিক কলা-কৌশল আৰু সমৰকলাৰ এগৰাকী প্ৰশিক্ষকো। চতিয়াৰ গুণৰাম দাসৰ পুত্ৰ বসন্তই ইতিমধ্যে বিভিন্ন দুঃসাহসিক কলা প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ২৫ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। তদুপৰি তেওঁ ইণ্টাৰনেচনেল অ’নডাৰ বুক অব ৰেকৰ্ডৰ অসমৰ ক’-অৰ্ডিনেটৰ হিচাপেও নিযুক্তি লাভ কৰিছে।

ব্ৰহ্মপুত্ৰত শদিয়াৰ পৰা ধুবুৰীলৈ সাঁতোৰৰ স্বপ্ন বুকুত বান্ধি লোৱা যুৱকজন ২০১৫ চনৰ ২১ নৱেম্বৰত গহপুৰৰ গমিৰিঘাটৰ পৰা কলিয়াভোমোৰা দলঙলৈ ১৪১ কিঃমিঃ একেৰাহে ১২ ঘণ্টা ৫ মিনিটত সাঁতুৰি অভিলেখ সৃষ্টি কৰিছিল। আনহাতে তেওঁ সাঁতুৰি থকা অৱস্থাতে বাঁহী, পেঁপা, শংখ, তাল আদি বাদ্যযন্ত্ৰ বজাই চমকো সৃষ্টি কৰিছিল। এই প্ৰদৰ্শনেৰে বসন্ত দাসে “ই্ণ্ডিয়া বুক অব ৰেকৰ্ডচ, এচিয়ান বুক অব ৰেকৰ্ডচ, এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডচ, আচাম বুক অব ৰেকৰ্ডচ এভাৰেষ্ট বুক অব ৰেকৰ্ডচ, জিনিয়াছ বুক অব ৰেকৰ্ডচ, অনলাইন ৱৰ্ল্ড ৰেকৰ্ডচ, ইউ আৰ এফ গ্ল’ৱেল এৱাৰ্ড, ইউনিভাৰ্চেল ৰেকৰ্ড ফৰাম আদিত নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হৈছে।

বিগত পহিলা এপ্ৰিলত তেওঁ পুনৰ বুৰৈ ঘাটৰ পৰা বিশ্বনাথ ঘাটলৈ মুঠ ২০ কিঃমিঃ দূৰত্ব ১ ঘণ্টা ৩০ মিনিটত সাঁতুৰি অতিক্ৰম কৰিছিল। বসন্ত দাসে সাঁতোৰাৰ উপৰিও ২০১৩ চনৰ ২৬ জুলাইত মটৰ চাইকেলৰ হেণ্ডেল স্পৰ্শ নকৰাকৈ ৭৫ কিঃমিঃ চলোৱাৰ উপৰিও চলন্ত অৱস্থাত ঢোল, তাল, বাঁহী, মঁ’হৰ শিঙৰ পেপা, শংখ, খোল-ডগৰ, নাগাৰা আদি বজাই অভিলেখ সৃষ্টি কৰি ইণ্ডিয়ান বুক অব ৰেকৰ্ডচ আৰু এচিষ্ট ৱৰ্ল্ড ৰেকৰ্ডচত নাম অন্তৰ্ভুক্ত কৰিবলৈও সক্ষম হৈছিল। ইয়াৰ উপৰি তেওঁ ২০১৬ চনৰ ২৬ জুলাইত এখন মটৰচাইকেলত ১৬ জন আৰোহী উঠাই বিশ্বনাথ চাৰিআলিৰ পৰা চতিয়ালৈ ১২ কিঃমিঃ দূৰত্ব ২৩ মিনিটত অতিক্ৰম কৰি লিমকা বুক অব ৰেকৰ্ডচ, ভাৰত বুক অব ৰেকৰ্ডচ, গ’ল্ডেন ষ্টাৰ ৱৰ্ল্ড ৰেকৰ্ড, ভাৰত ৱৰ্ল্ড ৰেকৰ্ড, চেম্পিয়ন ৱৰ্ল্ড ৰেকৰ্ড ইণ্ডিয়ান আইকান, অনলাইন ৱৰ্ল্ড ৰেকৰ্ড, আন্ধ্ৰা বুক ৰেকৰ্ডকে ধৰি মুঠ ১৩ টা অভিলেখ গঢ়িবলৈ সক্ষম হয়।

এতিয়াওঁ দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত অসমলৈ আৰু অধিক সুনাম কঢ়িয়াই অনাৰ দুৰ্বাৰ হেঁপাহ মনত পুহি ৰাখিছে প্ৰতিভাৱান খেলুৱৈ বসন্ত দাসে। কিন্তু বিগত সপ্তাহ ধৰি জাপানীজ এনকেফেলাইটিজ ৰোগত আক্ৰান্ত হৈ গুৰুতৰভাবে অসুস্থ হৈ পৰিছে বসন্ত আৰু তেজপুৰৰ মিচন হস্পাতালৰ আই চি ইউত ভৰ্তি হৈ আছে বসন্ত দাস। নিজ মাতৃ ভুমিৰ সুনামৰ বাবে দুঃসাহসিক যুঁজ কৰা বসন্তক এতিয়া আপোনাৰ সহায়ৰ দৰকাৰ আৰু সেয়ে আৰ্থিক দিশত সহায়ৰ হাত বিচাৰি ৰাজ্য চৰকাৰলৈ অনুৰোধ জনাইছে যুৱকজনে।

Related Articles

Leave a Reply

Close