অসম

বিজেপিৰ প্ৰতাৰণাৰ প্ৰতিবাদত লখিমপুৰত অৱস্থান ধৰ্মঘট হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

প্ৰথম খবৰ,লখিমপুৰ: প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি ভংগ কৰি বিজেপি চৰকাৰে অসমবাসীক চূড়ান্তভাৱে প্ৰতাৰণা কৰাৰ প্ৰতিবাদত আৰু অসমৰ লগতে লখিমপুৰ জিলাৰ জলন্ত সমস্যাৰাজিৰ সমাধানৰ দাবীত আজি লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হিন্দু যুৱ ছাত্ৰ পৰিষদ,অসমৰ লখিমপুৰ জিলা সমিতিয়ে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰক কটু সমালোচনা কৰি ৰাজ্যৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে সততে আওৰাই অহা দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতিক প্ৰকৃততে নাটকহে আখ্যা দিছে হিন্দু যুৱ ছাত্ৰ পৰিষদ,অসমৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই।  প্রকৃততে নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকাৰণ,ছাব্বিশ লাখ নিবনুৱাৰ সংস্থাপন,অবৈধ বিদেশী নাগৰিকৰ বাহিষ্কাৰ, অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া,সত্ৰ দেৱালয়সমূহৰ ভূমি আৰু চৰকাৰী ভূমি তথা বনাঞ্চল সমূহ অবৈধ দখলদাৰীৰ কবলৰ পৰা বেদখলমুক্ত কৰা, ভাৰত বাংলা সীমান্ত চীল কৰাকে ধৰি অসংখ্য সপোন দেখুৱাই পিছত এটাও নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা চৰকাৰখনে নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবেই কেৱল দুই এজন দুৰ্নীতি কৰা মানুহ গ্ৰেপ্তাৰ কৰি প্রকৃততে অসমৰ জ্বলন্ত সমস্যা সমূহ ঢাকি ৰাখিব বিচৰা বুলি অভিযোগ উত্থাপন কৰে সভাপতি গৰাকীয়ে বিজেপি চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি ভঙ্গৰে নহয় ব্যৰ্থতাৰ ক্ষেত্ৰতো অভিলেখ গঢ়িছে বুলি অভিযোগ কৰে। মাত্ৰ দুই এজন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি অস্তিত্ব জাহিৰ কৰা মুখ্যমন্ত্ৰী সোনোৱালৰ দুৰ্নীতি নিৰ্মূলৰ প্রকৃততে কোনো এজেণ্ডাই নাই বুলি উল্লেখ কৰি বৈশ্যই ৰঞ্জিৎ দত্তৰ দৰে বিজেপিৰ বিয়াগোম নেতাৰ বিৰুদ্ধে দুৰ্নীতি সন্দৰ্ভত উত্থাপিত অভিযোগৰ বেলিকা কিয় নিমাত বুলিও প্ৰশ্ন তুলিছে। অন্যহাতে অসমৰ বনাঞ্চল আৰু চৰাঞ্চল সমূহত এতিয়াও অবৈধ বাংলাদেশী মুছলমানৰ দপ দপনি চলি থকা বুলি উল্লেখ কৰি তেখেতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰো তীব্ৰ বিৰোধীতা কৰে। অসম বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ চৰণীয়া পথাৰ নহয় আৰু অসমে বিশ (২০) বছৰৰ বোজা কিয় মূৰ পাতি ল’ব বুলি প্ৰশ্ন তুলি তেখেতে বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ৰ পৰিৱৰ্তে ১৯৫১ কৰাৰো দাবী জনায়। প্ৰতিবাদকাৰী সকলে পিছত বিভিন্ন দাবীৰ সমৰ্থনত উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখন অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসৰ হাতত অৰ্পণ কৰে। স্মাৰক পত্ৰ খনৰ জৰিয়তে হিন্দু যুৱ ছাত্ৰ পৰিষদে লখিমপুৰ,ধেমাজি,মাজুলীত খ্ৰীষ্টান মিছনেৰী সকলে প্ৰলোভনেৰে সহজ সৰল খিলঞ্জীয়া লোকক খ্ৰীষ্টান ধর্মলৈ ধৰ্মান্তৰিত কৰণ কৰা কাৰ্য্য বন্ধ কৰা,ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰতাৰণাৰ ৰাজনীতি বন্ধ কৰা, নির্বাচনী প্ৰতিশ্ৰুতি অনুযায়ী ছাব্বিশ লাখ নিবনুৱাৰ সংস্থাপন দিয়া, নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৫১ কৰা, আদি এলেঙি সত্ৰকে ধৰি সকলো সত্ৰৰ সুৰক্ষা দিয়া তথা সত্ৰ দেৱালয়, বনাঞ্চল, ৰাষ্ট্ৰীয় অভয়াৰণ্য, প্ৰাকৃতিক জলাশয়, আদ্র ভূমি, পাহাৰ আদিৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা, আন্তঃৰাজ্যিক সীমা সমস্যা দূৰ কৰা, অবৈধ সুৰা আৰু নিচাজাতীয় দ্ৰৱ্যৰ প্ৰচলন বন্ধ কৰা, সন্দেহযুক্ত বাংলাদেশী মুছলমানৰ কবলৰ পৰা পাভ অভয়াৰণ্যক মুক্ত কৰা, শ্ৰমিকৰ ৰূপত জিলাখনত থিতাপি লোৱা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা, বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া, ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ জৰাজীৰ্ণ অৱস্থা দূৰ কৰা, পৌৰ নিগমৰ জাৱৰ নিষ্কাষণৰ ক্ষেত্ৰত বিজ্ঞান সন্মত পদ্ধতি অৱলম্বন কৰা, জৰাজীৰ্ণ বাট পথ সমূহৰ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা, লখিমপুৰ জিলা পুথিভঁৰালৰ মেৰামতি কৰাকে ধৰি বিভিন্ন দাবী উত্থাপন কৰিছে । ১১ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিতুমণি গগৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উজ্জ্বল ভূঞা, লখিমপুৰ জিলা সমিতিৰ সভাপতি যুগ্মজ্যোতি দত্ত, কাৰ্যকৰী সভাপতি ৰাজীৱ সিং, সাধাৰণ সম্পাদক মাধৱ দাসৰ নেতৃত্বত বগীনদী, বধাকৰা, পানীগাঁও, চাউলধোৱা, পশ্চিম তেলাহী, ৰঙানদী, উত্তৰ লখিমপুৰ সদৰ আঞ্চলিককে ধৰি বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক বিষয় ববীয়া, সমাজকৰ্মী তথা উত্তৰ লখিমপুৰ পেঞ্চনাৰ সন্থাৰ সভাপতি কেশৱ ভূঞা সহ ডেৰ শতাধিক হিন্দু যুৱ ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

Related Articles

Leave a Reply

Close