অসমশীৰ্ষ

অধ্যক্ষক বদলি আৰু দুৰ্ব্যৱহাৰৰ অভিযোগেৰে প্ৰতিবাদত কপিল বৈঠালাংছ’ জৱাহৰ নৱোদয় বিদ্যালয়

খেৰণিৰ পৰা কনক দেউৰী, প্ৰথম খবৰ: চিপাহী বিদ্ৰোহ নহয়, এইবাৰ বিদ্যালয়ৰ চৌহদত আকোঁৰগোজকৈ চলিল ছাত্ৰ ছাত্ৰীৰ বিদ্ৰোহ। এই বিদ্ৰোহৰ সৃষ্টি হ’ল পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ জৱাহৰ নৱোদয় বিদ্যালয়ত৷ অধ্যক্ষ দীনেশ বাবু যাদৱৰ বিৰুদ্ধে উত্থাপিত হল বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ সীমাহীন অভিযোগ। অভিযোগ অনুসৰি বিদ্যালখনত কেৱল চলে অধ্যক্ষৰ মইমতালি৷ কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে৷ ক্ষোভিত ছাত্ৰ ছাত্ৰীৰ অভিযোগ অনুসৰি বিদ্যালয়খনত নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, খেলৰ যাৱতীয় সামগ্ৰী, পুথিভঁৰালত প্ৰয়োজনীয় কিতাপ পত্ৰ নথকাৰ লগতে নাই বিজ্ঞান শাখাৰ দুটাকৈ বিষয়ৰ বিষয়শিক্ষকো। যাৰ পৰিপ্ৰেক্ষিতত বৈঠালাংছ’ জৱাহৰ নৱোদয় বিদ্যালয়ৰ চৌহদত বৃহস্পতিবাৰে পুৱাৰে পৰা প্ৰতিবাদেৰে উত্তাল হল বিদ্যালয়ৰ চৌহদ। এনেবোৰ সমস্যাৰে জৰ্জৰিত কৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালী খেলাৰ বাবে এতিয়া বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিবলৈ বাধ্য হৈ পৰিছে বৈঠালাংছ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে সচেতন মহলে। প্ৰতিবাদ সাব্যস্ত কৰি আকোঁৰগোজকৈ অধ্যক্ষক বদলিৰ দাবী তুলিছে ছাত্ৰ-ছাত্ৰীসকলে। আনকি প্ৰতিবাদৰ মাজতেই চিঞৰি চিঞৰি অধ্যক্ষগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক কৰা দুৰ্ব্যৱহাৰৰ কথাও উল্লেখ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলে প্ৰখৰ ৰ’দকো নেওচি উই ওৱাণ্ট জাষ্টিছ, গ বেগ প্ৰিন্সিপাল, উই ওৱাণ্ট ট্ৰেন্সফাৰ আদি শ্লোগানেৰে বৃহস্পতিবাৰে উত্তাল কৰি তোলে বিদ্যালয়ৰ চৌহদ৷ পিছত ছাত্ৰ-ছাত্ৰীসকলক বুজনি দিবলৈ হামৰেন জিলা প্ৰশাসন তথা অতিৰিক্ত জিলা উপায়ুক্ত প্ৰতিবাদীস্থলীত উপস্থিত হয় যদিও ছাত্ৰ-ছাত্ৰীসকলক বুজনি দিয়াৰ পৰা ব্যৰ্থ হবলগীয়া হয়৷ ইফালে মৰিগাঁও জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষৰ নেতৃত্বত কেইগৰাকীমান শিক্ষক আহি প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলক বুজনি দিবলৈ অপ্ৰাণ চেষ্টা কৰিও হাৰ মানিব লগা হয়। পৰৱৰ্তীসময়ত জৱাহৰ নৱোদয় বিদ্যালয়ৰ উৰ্ধতম কৰ্তৃপক্ষ তথা উত্তৰ-পূৰ্বাঞ্চলৰ শ্বিলঙত অৱস্থিত কাৰ্যালয়ৰ বিষয়াই ছাত্ৰ-ছাত্ৰীৰ দাবীৰ প্ৰতি সেও মানি ততালিকৈ অধ্যক্ষ দীনেশ বাবু যাদৱক বদলিৰ নিৰ্দেশৰ পত্ৰ প্ৰেৰণ কৰাৰ পাছতেহে ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰে৷

Related Articles

Leave a Reply

Close