খেলশীৰ্ষ

এছিয়ান গেমছত ১৬ বছৰীয়া সৌৰভৰ স্বৰ্ণ জয়, সৌৰভক ৫০ লাখ টকা আৰু চৰকাৰী চাকৰিৰ পুৰস্কাৰ ঘোষণা

স্পৰ্টচ ডেস্ক, প্ৰথম খবৰ: শনিবাৰৰ পৰা জাকাৰ্টাত অনুষ্ঠিত অষ্টদশ এছিয়ান গেমছত আজি ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক আজুৰিলে ১৬ বছৰীয়া সৌৰভ চৌধুৰীয়ে৷ উল্লেখযোগ্য যে গুজৰাটৰ মিৰাটৰ কলিনা গাঁৱত এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা এই ১৬ বছৰীয়া কিশোৰজনে বাবা শ্বাহমল শ্বুটিং নামৰ এখন একাডেমীত মাত্ৰ তিনিবছৰ প্ৰশিক্ষণ লৈয়ে আজি শ্বুটিংৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত এই স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়৷ সৌৰভ চৌধুৰীয়ে স্বৰ্ণ পদক লাভ কৰাৰ পিছতে উত্তৰ প্ৰদেশ চৰকাৰে তেওলৈ ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ লগতে তেওঁলৈ চৰকাৰী চাকৰি প্ৰদান কৰাৰ কথা উল্লেখ কৰে৷

Related Articles

Leave a Reply

Close