অসমশীৰ্ষ

এজাক বৰষুণে গড়কাষৰ এটা পথত সৃষ্টি কৰে পুখুৰীসদৃশ পৰিৱেশৰ

বিশ্বজিৎ দাসৰ ৰীপৰ্ট, প্ৰথম খবৰ: এজাক বৰষুণে বানপানীৰ সৃষ্টি কৰে নলবাৰী জিলাৰ ধমধমাৰ গড়কাষৰ এটা পথত। যাৰ ফলত এজাক বৰষুণ দিলে উক্ত পথেৰে অহা যোৱা কৰা অঞ্চলবাসীয়ে দীৰ্ঘদিন ধৰি যমৰ যাতনা ভুগি আহিছে আৰু ইয়াৰ বাবে এতিয়া গাঁওবাসীয়ে হুংকাৰ দিবলৈ বাধ্য হৈ পৰাৰ লগতে পথটো যদি চৰকাৰে নিৰ্মাণ নকৰে তেন্তে গাঁওবাসীয়ে চৰকাৰৰ বিৰুদ্ধে কঁঠোৰ স্থিতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। উন্নয়ণে ঢুকি নোপোৱা এই গাঁওখনৰ এতিয়া এটাই আশা পৰিৱৰ্তনকামী চৰকাৰখনৰ নতুন গড়কাপ্তানী মন্ত্ৰীয়ে নিশ্চয় এই পথছোৱাৰ প্ৰতি নজৰ দিব আৰু ব্যৱস্থা গ্ৰহণ কৰিব।

Related Articles

Leave a Reply

Close