অসমশীৰ্ষ

গহপুৰত বন্দুক দেখুৱাই দুৰ্বৃত্তই কাঢ়ি নিলে বাইক

আন্ধেৰীঘাটৰ পৰা হলধৰ চহৰীয়া, প্ৰথম খবৰ: এন আৰ চিকলৈ নিৰাপত্তা বাহিনী গিজগিজাই থকাৰ সময়তে আজি দিন-দুপৰতে গহপুৰৰ পূব ঘগৰা ৰাজ পথৰ পৰা দুৰ্বৃত্তই বন্দুক দেখুৱাই বাইক কাঢ়ি নিয়াত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে গহপুৰৰ উক্ত অঞ্চলত। উল্লেখ্য যে অসমী ফাইনেন্স নামৰ ব্যক্তিগত খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী মনোজ কুমাৰ নাথে গ্ৰাহকৰ পৰা ঋন পৰিশোধৰ ধন সংগ্ৰহ কৰি উভতাৰ পথত পূৰ্বৰে পৰা খাপপিটি থকা দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই লোকজনক আগোচি ধৰে আৰু ধন কঢ়াৰ চেষ্টা কৰাত মনোজে চিঞৰ-বাখৰ কৰাত মনোজৰ মূৰত পিষ্টল টোৱাই  AS-13-F- 8084 নম্বৰৰ গ্লেমাৰ বাইক খন লৈ উধাও হয়। এই ঘটনাত মূৰত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত মনোজক উদ্ধাৰ কৰি গহপুৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে ক্ষীপ্ৰ তদন্ত।

Related Articles

Leave a Reply

Close