অসমশীৰ্ষ

চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ব্যৱস্থাপনাৰ অনলাইন ৱেব উন্মোচন 

প্ৰথম খবৰ, চেঙা: অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত গ্ৰাম্যঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম এখন হ’ল বৰপেটা জিলাৰ চেঙাৰ শুভাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়৷ অসমৰ প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহৰ ভিতৰত মধ্য কামৰূপ মহাবিদ্যালয়ত বুধবাৰে প্ৰথম সংযোজন হ’ল ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ ব্যৱস্থাপনাৰ অনলাইন ৱেব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিৰ হাৰ বৃদ্ধি হোৱাৰ লগতে পৰোক্ষভাৱে পাঠদান প্ৰক্ৰিয়াত জৰিত প্ৰত্যেকৰে দায়বদ্ধতা বৃদ্ধি পোৱাৰ আশা প্ৰকাশ কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই। এই উদ্দেশ্যে বুধবাৰে দিনৰ দহ বজাত মহাবিদ্যালখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° হৰেন্দ্ৰ নাথ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত এই ৱেব-সেৱাৰ শুভ উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° ভৱেশ গোস্বামীয়ে। উদ্বোধনী ভাষণত ড° গোস্বামীয়ে মধ্য কামৰূপ মহাবিদ্যালয়ৰ এনে প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰি কয় যে এনে কাৰ্যই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক সকলোকো নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ বাধ্য হৈ কৰাব। ভাষণত তেওঁ তথ্য আৰু প্ৰযুক্তিৰ পৰা ত্ৰিশ শতাংশ লাভ আদায় কৰিবলৈ আহ্বান জনাই ইয়াৰ ব্যৱহাৰ আৰু প্ৰয়োগৰ ক্ষেত্ৰত সদায় ইতিবাচক দিশটোৰ প্ৰতিহে গুৰুত্বাৰোপ কৰিবলৈ কয়। উপাচাৰ্য্য গৰাকীয়ে এই ৱেব-সেৱা কটন বিশ্ববিদ্যালয়তো আৰম্ভ কৰাৰ বাবে অনুপ্ৰাণিত হোৱা বুলি উল্লেখ কৰে৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা উপ নিয়ন্ত্ৰক ড° দেৱহৰি তালুকদাৰে এই ৱেব-সেৱাৰ প্ৰেচেষ্টাৰ আদৰণী জনায় আৰু মধ্য কামৰূপ মহাবিদ্যালয় প্ৰথমখন এই ব্যৱস্থাপনাৰ অধিকাৰী হোৱা বুলি উল্লেখ কৰাৰ লগতে অদূৰ ভবিষ্যতে ৰাজ্যখনৰ আন আন শিক্ষানুষ্ঠান সমূহৰ বাবেও মধ্য কামৰূপ মহাবিদ্যালয় এনে প্ৰচেষ্টাৰ দিশত বাটকঁটীয়া হৈ ৰব বুলি উল্লেখ কৰে। উপ নিয়ন্ত্ৰক গৰাকীয়ে ষান্মসিক পদ্ধতিৰ বাবে ক্ৰমশঃ শৈক্ষিক ক্ষেত্ৰলৈ আহি থকা জটিলতা আৰু প্ৰত্যাহ্বানৰ সময়ত এই ৱেব-সেৱাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীকে নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিভাগকো বহুল ভাবে সুবিধা প্ৰদান কৰিব বুলি কয়৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে দমদমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰঞ্জন শৰ্মা, আমন্ত্ৰিত অতিথি ৰূপে মধ্য কামৰূপ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° চান্দ মহম্মদ আলীয়ে নিজ নিজ ভাষণত অনলাইন সেৱাৰ সুবিধা তথা ছাত্ৰ-ছাত্ৰী সকলৰ গুণগত আৰু ব্যৱহাৰিক শিক্ষাৰ ওপৰত বক্তব্য আগবঢ়ায়। মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক গোপেশ কুমাৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা বুধবাৰৰ এই উন্মোচনী সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোনীত সদস্য ড° উত্তম চন্দ্ৰ পাঠক, চফটৱেৰ অভিযন্তা ৰাজীৱ দাস, মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ হেমেন গোস্বামীকে ধৰি বহুকেইজন বিশিষ্ট লোকৰ লগতে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলেও উপস্থিত থাকে৷ উল্লেখ্য যে যোৱা ১২ মে’ত এইখন মহাবিদ্যালয়তে অসমৰ ভিতৰত প্ৰথম পৰীক্ষাৰ অনলাইন ‘ৱেব-পৰ্টেল’ মুকলি কৰা হৈছিল আৰু যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়ৰ বিভিন্ন পৰীক্ষাৰ ফলাফল ঘৰতে থাকি পাবলৈ সক্ষম হোৱাৰ উপৰিও ‘মাৰ্কশ্বিট’ ডাউনল’ড কৰি ল’ব পাৰিছিল।

Related Articles

Leave a Reply

Close