অসমশীৰ্ষ

দলংঘাট জাতীয় বিদ্যালয়ৰ উদ্যোগত “সেউজী ধৰণী ধুনীয়া” শীৰ্ষক বৃক্ষৰূপন কাৰ্যসূচী ৰূপায়ণ

বটদ্ৰৱাৰ পৰা মানস জ্যোতি মহন্ত, প্ৰথম খবৰ: পৰিৱেশ সজাগতা, নৈতিক দায়িত্ব তথা প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি লক্ষ্য ৰাখি স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি জাতীয় বিদ্যালয় দলংঘাটে আয়োজন কৰে “সেউজী ধৰণী ধুনীয়া” শীৰ্ষক এক বৃক্ষৰূপন কাৰ্যসূচী। বিদ্যালয় খনৰ প্ৰধান শিক্ষক মোহম্মদ বক্তৰ হুছেইনৰ নেতৃত্বত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ আঁত ধৰে বিদ্যালয় খনৰ সহ শিক্ষক মানস জ্যোতি মহন্তই। প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয় চৌহদত এটি কৃষ্ণচূড়া পুলি ৰোপনৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ তত্বাৱধানত এক সুন্দৰ শোভাযাত্ৰা কৰি সমগ্ৰ অঞ্চলটোত কেইবাটাও মূল্যৱান কাঠ আৰু ফল-মূলৰ পুলি ৰোপণ কৰি বিদ্যালয়খনে এক সুন্দৰ আদৰ্শ দেখুৱাবলৈ সক্ষম হয়৷ “প্ৰথম খবৰ”ৰ সাংবাদিকৰ আগত প্ৰধান শিক্ষক গৰাকীয়ে অনুষ্ঠানৰ আৰম্ভণিতে দৃঢ়তাৰে প্ৰকাশ কৰে যে, এই পুলিকেইটা আমি মাথোঁ ৰোপণ কৰিয়েই দায়িত্ব নাসামৰো, ইয়াক প্ৰতিপাল কৰি যথোপযুক্ত সাৰ পানী দি ডাঙৰ কৰাটো আমাৰ দায়িত্ব। দলংঘাট জাতীয় বিদ্যালয়ে আয়োজন কৰা আজিৰ এই কাৰ্য্যসূচীত অঞ্চলটিৰ সমূহ জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সহযোগিতা আছিল অতিকৈ লক্ষ্যণীয়। আজিৰ এই অনুষ্ঠানৰ আৰম্ভণি কৰি বিদ্যালয় খনৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা পৰিচালনা সমিতিয়ে পৰৱৰ্তী সময়তো বৃক্ষৰোপনৰ এই ধাৰা অব্যাহত ৰাখি এই ধৰণীখনি সুজলা সুফলা তথা শ্যামলা কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সেউজ পৃথিৱী উপহাৰ দিয়াৰ বাবে একেমুখে পন গ্ৰহণ কৰে৷

Related Articles

Leave a Reply

Close